Dilip Saikia Pressmeet:
অসমৰ ভোটাৰ তালিকাত বিশেষ পুনৰীক্ষণ (এছআৰ)ৰ নামত শাসকীয় বিজেপি দলে ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বৰ বাবে ব্যাপক অনিয়মৰ আশ্ৰয় লৈছে বুলি ব্যাপক অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে সোমবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দাবী কৰে যে বিজেপিয়ে ৬০ টা বিধানসভা সমষ্টিৰ ভোটাৰৰ নাম কৰ্তনৰ ব্যৱস্থা লৈছে আৰু ইয়াৰ বাবে মন্ত্ৰী অশোক সিংহলক দায়িত্ব অৰ্পণ কৰিছে। গগৈয়ে দাবী কৰা অনুসৰি যোৱা চাৰি জানুৱাৰীত অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত এখন সভাত এই কথা কোৱা বুলি নিজে শুনাৰ দাবী কৰিছিল বিধায়ক গগৈয়ে ।
আজি এই বিষয়টোক লৈ বৰপেটাত এক সংবাদমেলত দিলীপ শইকীয়াই কয় যে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে একো বিষয় নথকাত অখিল গগৈয়ে এই ধৰণৰ এক অপপ্ৰচাৰ চলাইছে বুলি শইকীয়াই উল্লেখ কৰে যে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰাৰ কথাটোহে সচা । তাৰ বিপৰীতে বাকী সকলো কথা মিছা। এনে মিছা কথাৰ প্ৰচাৰেৰে অখিল গগৈয়ে এক ধৰণৰ ঢৌৰ সৃষ্টি কৰিব বিচাৰিছে। শইকীয়াই কয় যে যদিহে তেও অশোক সিংহলক ৬০ টা সমষ্টিত নাম কৰ্তনৰ কথা কৈছিল তাৰ প্ৰমাণ অখিল গগৈক দিবলৈ প্ৰত্যাহ্বান জনায়। তেতিয়াহে অখিল গগৈৰ বিশ্বাসযোগ্যতা থাকি। অৱশ্যে অখিল গগৈৰ বিশ্বাসযোগ্যতা নিজৰ মিত্ৰজোটতে নাই বুলিও তেও কয়। ইয়াৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি জনে কয় যে খচৰা ভোটাৰ তালিকাক লৈ কাৰোবাৰ যদি কিবা ওজৰ – আপত্তি আছে তেন্তে নিয়ম অনুসৰি নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব। সংবাদমেলত মন্ত্ৰী ৰনজিৎ কুমাৰ দাসো উপস্থিত থাকে। উল্লেখযোগ্য আজি বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটাত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত সভাপতি শইকীয়া উপস্থিত থাকে।




































