Hearing in Cbi Spl Court:ৰাজ্য জোকাৰি যোৱা ট্রেডিং কেলেংকাৰীৰ আজি দ্বিতীয়টো শুনানি

চিবিআইৰ বিশেষ আদালতত হয় দ্বিতীয়টো শুনানি, আদালতত উপস্থিত ট্রেডিং কেলেংকাৰী অভিযুক্ত বিশাল ফুকন, ট্রেডিং কেলেংকাৰীৰ পৰৱৰ্তী শুনানি ১০ফেব্ৰুৱাৰীত

WhatsApp Image 2026 01 07 at 3.15.20 PM

Hearing in Cbi Spl Court:

:ৰাজ্য জোকাৰি যোৱা ট্রেডিং কেলেংকাৰী গোচৰৰ আজি আছিল দ্বিতীয়টো শুনানি ৷ চিবিআইৰ বিশেষ আদালতত হয় দ্বিতীয়টো শুনানি ৷শুনানিৰ বাবে চিবিআইৰ আদালতত উপস্থিত থাকে ট্রেডিং কেলেংকাৰী অভিযুক্ত বিশাল ফুকন ,তাৰ্কিক বৰা, অভিজিৎ চান্দ আৰু চুমি বৰা ৷ আদালতে শুনানি গ্ৰহণ কৰি পুনৰ পৰৱৰ্তী দিন নিৰ্ধাৰণ কৰে ১০ জানুৱাৰীত ৷সেইদিনাই ৪ অভিযুক্তক প্ৰদান কৰা হব গোচৰটোৰ চার্জশ্বীটৰ কপি ৷ তাৰ পাছতে ৪ অভিযুক্তৰ বিৰুদ্ধে অভিযোগ বিবেচনা কৰা হ’ব। চার্জফ্ৰেম হোৱাৰ পাছতে শুনানি প্ৰক্ৰিয়া চলিব চিবিআইৰ বিশেষ আদালতত ।শুনানি কালত হাজিৰ হ’ব লাগিব গোচৰটোৰ সাক্ষী সহ ভুক্তভোগী সকল। একেদৰে দ্বিতীয় শুনানিৰ সময়তো সোঁ-শৰীৰে হাজিৰ হব লাগিব চুমী বৰা ,বিশাল ফুকন আৰু তাৰ্কিক বৰা ।

উল্লেখ্য যে ইতিমধ্যে ১২ ডিচেম্বৰত প্ৰথমটো শুনানি সম্পন্ন হৈছিল চিবিআইৰৰ বিশেষ আদালতত ৷ ট্রেডিং কেলেংকাৰীৰ অভিযুক্ত হৈছে চুমী,বিশাল,তাৰ্কিক,অভিজিত চান্দ ৷ ২৯/২০২৫ নম্বৰত চিবিআইৰ বিশেষ আদালতত ৪ অভিযুক্তৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷

উল্লেখযোগ্য ট্রেডিং গোচৰত বৰ্তমান ৪ অভিযুক্তই জামিন লাভ কৰি ওলাই আহিছে মুকলি আকাশৰ তললৈ । বহু কেইটা চৰ্ত দি আদালতে জামিন প্ৰদান কৰিছিল অভিযুক্ত সকলক৷ ৰাজ্যজুৰি ট্রেডিং কেলেংকাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ১৮ জনকৈ অভিযুক্তক ৷ গ্ৰেপ্তাৰ হোৱা অধিকাংশ অভিযুক্তই ইতিমধ্যে লাভ কৰিছে জামিন ৷

আনহাতে ভুক্তভোগী লোক সকলৰ অভিযোগ লেহেমীয়া গতিত চলিছে ট্রেডিং কেলেংকাৰী গোচৰৰ তদন্ত ৷ দ্ৰুত আদালতত গোচৰ সমূহ চলাৰ দাবী।

Exit mobile version