চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ, ২০২৫ৰ সময়ছোৱাত দেশত বেংক জালিয়াতিৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পাইছিল। ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই)ৰ প্রতিবেদনৰ তথ্য অনুসৰি, এপ্রিল-ছেপ্টেম্বৰ ২০২৫ৰ সময়ছোৱাত ভাৰতত বেংক জালিয়াতিৰ পৰিমাণ বৃদ্ধি পাই ২১,৫১৫ কোটি টকা হৈছিল।
এবছৰ পূৰ্বৰ একেই সময়ছোৱাত এই অংক আছিল ১৬,৫৬৯ কোটি টকা। অর্থাৎ এবছৰত দেশত বেংক জালিয়াতিৰ অংক প্রায় ৩০ শতাংশ বৃদ্ধি পাইছিল। প্রতিবেদনত লগতে উল্লেখ কৰা অনুসৰি জালিয়াতিৰ ঘটনা হ্রাস পাইছে যদিও জালিয়াতিৰ অংক অৰ্থাৎ ধনৰ পৰিমাণ বৃদ্ধি পাইছে।
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ৫,০৯২ টা বেংক জালিয়াতিৰ ঘটনা নথিভুক্ত হৈছিল। এবছৰ পূৰ্বে একে সময়ত সংঘটিত হৈছিল ১৮,৩৮৬ টা জালিয়াতিৰ ঘটনা।






























