Guwahati :
আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে ADRE চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তি পত্র । মহানগৰীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰায় ৪,৩৭৪ গৰাকী ৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিয়ে নিযুক্তি পত্ৰ।
উল্লেখ্য যে ১৫ অক্টোবৰত ঘোষণা হৈছিল ADRE চতুৰ্থ বৰ্গৰ ফলাফল। ৰাজ্য চৰকাৰে আজি প্ৰদান কৰা এই নিযুক্তিয়ে ডেৰলাখ অতিক্ৰম কৰি দুই লাখ হোৱাৰ দিশত I
নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়, পূৰ্বৰ চৰকাৰৰ দিনত চাকৰি পোৱা-নোপোৱা দুয়োৰে সুখ নাছিল ৷ নিযুক্তি প্রক্রিয়াত স্বচ্ছতা বজাই ৰখা হৈছে ৷ অসমৰ একাংশ লোকে পৰীক্ষাৰ স্বচ্ছতাৰ বাবে ১৩লাখ ৭৯হাজাৰ ১৩২গৰাকীয়ে কৰিছিল আবেদন ৷ পৰীক্ষা পতা আৰু ৰিজাল্ট দিয়াতো অতি কষ্টকৰ আছিল। বিভিন্ন বিভাগত খালী পদ বিচৰাটো আৰু কষ্টকৰ আছিল ৷ তথাপিও আমাৰ বিষয়া সকলে যুদ্ধকালীন তৎপৰতা সকলো কাম নিয়াৰিকৈ সম্পাদন কৰাৰ ফলত আমি স্বচ্ছতাৰে নিযুক্তি দিব পাৰিলো যোগ্য প্ৰাৰ্থী সকলক। নিযুক্তি প্ৰক্ৰিয়া আগন্তুক দিন বিলাকতো অব্যাহত থাকিব ৷




































