ৰাম মন্দিৰৰ ১৫ কিলোমিটাৰ ব্যাসাৰ্ধত আমিষ খাদ্য আৰু সুৰা ডেলিভাৰিত সম্পূৰ্ণ নিষেধাজ্ঞা

IMG 20260110 113616

Ayodhya Ram Temple:✒️ অযোধ্যাৰ ৰাম মন্দিৰৰ চৌপাশে আমিষ খাদ্য ডেলিভাৰিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। মন্দিৰৰ ১৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনলাইন মাধ্যমে আমিষ খাদ্য বা সুৰা ডেলিভাৰি কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে প্ৰশাসনে।

প্ৰশাসনিক সূত্ৰই জনোৱা মতে, পৌৰসভাৰ বাৰে-বাৰে সকিয়নি দিয়াৰ পাছতো কেবাটাও অনলাইন ডেলিভাৰি সংস্থাই মন্দিৰৰ আশে-পাশে আমিষ খাদ্য যোগান ধৰি আহিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে এতিয়া কঠোৰ পদক্ষেপ লোৱা হৈছে।

উত্তৰ প্ৰদেশৰ এজন প্ৰশাসনিক বিষয়াই কয়, ‘পাঁচকোশী পৰিক্ৰমা’ অঞ্চলৰ ভিতৰতো অনলাইন মাধ্যমে আমিষ খাদ্য ডেলিভাৰি কৰা হৈছে বুলি অভিযোগ পোৱা গৈছে। উল্লেখ্য, ৰাম মন্দিৰৰ চাৰিওফালে থকা ১৫ কিলোমিটাৰ এলেকাকেই ‘পাঁচকোশী পৰিক্ৰমা’ অঞ্চল বুলি কোৱা হয়।

প্ৰশাসনৰ মতে, নিষেধাজ্ঞা থাকিলেও কিছুমান হোটেল আৰু হোমষ্টেত এতিয়াও আমিষ খাদ্য পৰিবেশন কৰা হৈছে। আনকি কিছুমান ঠাইত অতিথিসকলৰ বাবে মদ্যপানৰ ব্যৱস্থাও আছে বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত আগতেই সতৰ্কবাণী জাৰি কৰা হৈছিল।

উল্লেখযোগ্য যে, ২০২৫ চনৰ মে মাহত অযোধ্যা পৌৰসভাই ৰামপথৰ কাষত সুৰা আৰু আমিষ বিক্ৰি নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল। যদিও স্থানীয় লোকৰ অভিযোগ, সেই নিৰ্দেশ এতিয়ালৈকে সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই।

সহকাৰী খাদ্য আয়ুক্ত মানিকচন্দ্ৰ সিঙে জনাইছে, মন্দিৰৰ ১৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনলাইন মাধ্যমে আমিষ খাদ্য আৰু সুৰা ডেলিভাৰিৰ অভিযোগ লাভ কৰা হৈছে। সেইবাবে হোটেল, দোকান আৰু অনলাইন ডেলিভাৰি সংস্থাসমূহক নিষেধাজ্ঞাৰ বিষয়ে স্পষ্টকৈ জাননী দিয়া হৈছে। এই নিৰ্দেশ অনুসৰণ কৰা হৈছে নে নাই, সেইটো নিৰীক্ষণ কৰা হ’ব বুলিও তেওঁ জনায়।

Exit mobile version