EPF:✒️উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু কৰ্মচাৰী ভবিষ্যনিধি সংস্থা ইপিএফঅ’ক অহা চাৰি মাহৰ ভিতৰত কৰ্মচাৰী ভৱিষ্যনিধি যোজনা ইপিএফএছৰ অধীনত দৰমহাৰ সীমা সংশোধন সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈ নির্দেশ দিছে।
মনকৰিবলগীয়া যে বিগত ১১ বছৰ ধৰি কৰ্মচাৰীসকলৰ বেতনৰ সীমা অপৰিৱৰ্তিত হৈয়েই আছে। দৰমহাৰ সৰ্বোচ্চ সীমাৰ কোনো পৰিৱৰ্তন নকৰাৰ ফলত শ্রমিকসকলৰ এটা বৃহৎ বর্গ ইপিএফঅ’ৰ আওতালৈ আহিব পৰা নাই।
ন্যায়াধীশ জে কে মাহেশ্বৰী আৰু অতুল এছ ছন্দুৰকাৰক লৈ গঠিত এখন বিচাৰপীঠে এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি এই নির্দেশ জাৰি কৰিছে।
উল্লেখ্য, সামাজিক কল্যাণ আঁচনি ইপিএফএছৰ উদ্দেশ্য হৈছে সংগঠিত খণ্ডৰ কৰ্মচাৰীসকলক সামাজিক সুৰক্ষা প্রদান কৰা। সংবিধানৰ ৩২ নম্বৰ দফাৰ অধীনত দাখিল কৰা এই ৰাজহুৱা আবেদনখনৰ জৰিয়তে প্রতি মাহে ১৫ হেজাৰ টকাৰ সৰ্বোচ্চ দৰমহা পক্ষপাতমূলক আৰু অযুক্তিকৰ বুলি কোৱা হৈছিল।
দৰমহা বৃদ্ধিৰ লগত মুদ্রাস্ফীতি, ন্যূনতম বেতন বা প্রতি ব্যক্তিৰ আয় বৃদ্ধিৰ স’তে কোনো সম্বন্ধ নাইবুলিও আরেদনখনত যুক্তি দিয়া হৈছে।
