মেঘৰ আলয়ত প্ৰদূষণৰ প্ৰচণ্ড আঘাত

IMG 20260113 104753

Meghalaya :✒️পাহাৰীয়া নিভাঁজ সৌন্দর্যৰ অন্যতম আকৰ বিশ্বতে খ্যাত মেঘালয়ৰ মৌছিনৰাম ভয়াবহ প্রদূষণৰ কবলত পৰিছে। পৃথিৱীৰ ভিতৰতে সর্বাধিক বৃষ্টিপাত হোবা এই মৌছিনৰামৰ আছে এক পৃথক পৰিচয়। বিশ্বৰ ভিতৰতে আর্দ্রতম এই স্থানত এতিয়া বায়ু প্ৰদূষণৰ বাবে বৃষ্টিপাত হ্রাস পাইছে।

বিজ্ঞানী মহলৰ বিশ্লেষণ অনুসৰি বিগত এটা দশকত মৌছিনৰামত বার্ষিক বৃষ্টিপাত ১৪০০ মিলিমিটাৰ হাস পাইছে। পূর্বতে মৌছিনৰামত বার্ষিক বৰষুণৰ পৰিমাণ আছিল ১০,২০০ মিলিমিটাৰ।

বিজ্ঞানী মহলৰ দাবী অনুসৰি এতিয়া এই বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৮,৮০০ মিলিমিটাৰ। কিয় হ্রাস পালে বৰষুণৰ পৰিমাণ। ই এক গভীৰ উদ্বেগৰ প্রশ্ন। ব্যাখ্যা অনুসৰি ধূলি, জৈৱ সামগ্রীব জ্বলন, বায়ুবাহিত কণা, যান-বাহনৰ পৰা নিৰ্গত কণা-এব’ছেলৰ পৰিমাণ এটা দশকত প্রায় ১৫ শতাংশ বৃদ্ধি পাইছে।

বৃষ্টিপাতৰ বাবে মেঘ সৃষ্টিৰ প্রক্রিয়াত এৰ’ছেল কণাৰে যথেষ্ট ভূমিকা থাকে। বিগত বৰ্ষৰ গ্ৰীষ্মকালীন ভাৰতসহ দক্ষিণ এছিয়াৰ বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণ জমা হয় জলীয় বাষ্প আৰু এৰ’ছেল কণা। কিন্তু এব’ছেল কণাৰ বৃদ্ধিৰ পৰিমাণ যদি বায়ুমণ্ডলৰ বহু ওপৰৰ স্তৰ স্ট্রেট’স্ফিয়েব স্পর্শ কৰে তেন্তে বিগত বৃদ্ধি পায়।

এৰ’ছেলে কিদৰে পূব খাচী পাহাৰৰ মৌছিনৰাম চহৰৰ বৃষ্টিক প্রভাবিত কৰিছে সেয়া পৰীক্ষা কৰি আছে বিজ্ঞানীয়ে। বংগোপ সাগৰৰ পৰা অহা জলীয় বাষ্পৰ বাবে এই চহৰত বৃষ্টি হয়।

অৱশ্যে প্রদূষণে এই জলীয় বাষ্পৰ পথত বাধাৰ সৃষ্টি কৰে বুলি বিজ্ঞানী মহলে সদৰী কৰিছে। ২০১৪ৰ পৰা ২০২৩ৰ ভিতৰত সংগৃহীত এৰ’ছেলৰ বিশ্লেষণ কৰিছে গৱেষক মহলে। সমান্তৰালভাৱে বৃষ্টিপাতৰ পৰিমাণো পৰীক্ষা কৰিছে। তেওঁলোকে কয় যে গৱেষণা কালত লব্ধ তথ্য অনুসৰি মৌছিনৰামৰ ওপৰত এৰ’ছেলৰ মাত্রা ১৫ শতাংশ বৃদ্ধি পাইছে।

যাৰ বাবে বাধাগ্ৰস্ত হৈছে বৃষ্টিপাত। বায়ু প্রদূষণকাৰী এই কণাসমূহে বায়ুমণ্ডলৰ নিম্ন স্তৰত তাপমাত্রা ধৰি ৰাখে। এৰ’ছেলৰ ঘনত্ব বৃদ্ধি পালে ই বৃষ্টিপাত প্ৰভাৱিত কৰে। গৱেষণাত দেখা গৈছে যে এৰ’ছেলৰ যিসমূহ বছৰত ঘনত্ব অধিক সেই সময়বোৰত ধাৰাবাহিকভাৱে কম বৰষুণ হৈছে।

Exit mobile version