পাঁচ ঘণ্টাৰ বাবে আকাশসীমা বন্ধ কৰিলে ইৰানে, প্ৰভাৱ ভাৰতীয় উৰণত

IMG 20260115 112211

Iran:✒️বুধবাৰৰ গভীৰ নিশাত হঠাৎ প্ৰায় পাঁচ ঘণ্টাৰ বাবে নিজৰ আকাশসীমা বন্ধ কৰিলে ইৰানে। প্ৰথমে দু’ঘণ্টাৰ বাবে আকাশসীমা বন্ধ কৰা হয় যদিও পাছত সময়সীমা বৃদ্ধি কৰা হয়। অৱশ্যে বিশেষ অনুমতি থকা আন্তঃৰাষ্ট্ৰীয় বিমানসমূহৰ চলাচল অব্যাহত আছিল।

এই সিদ্ধান্তৰ আঁৰৰ কাৰণ সন্দৰ্ভত তেহৰানৰ কৰ্তৃপক্ষই কোনো স্পষ্ট ব্যাখ্যা দিয়া নাই। কিন্তু পশ্চিম এছিয়াত যোৱা দু’সপ্তাহৰো অধিক সময় ধৰি চলি থকা উত্তেজনাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছে।

ইফালে আমেৰিকাই পুনৰ ইৰানত সামৰিক অভিযান চলাব পাৰে বুলি আশংকাও বৃদ্ধি পাইছে।

ইৰানৰ আকাশসীমা বন্ধ হোৱাৰ প্ৰভাৱ ভাৰতীয় উৰণ সংস্থাসমূহৰ ওপৰতো পৰিছে। এয়াৰ ইণ্ডিয়াই জনাইছে যে ইৰানৰ ওপৰেৰে যাত্ৰা কৰিবলগীয়া কেবাখনো বিমান বিকল্প পথেদি উৰুৱাবলগীয়া হৈছে।

যাৰ ফলত কিছুমান উৰণ পলম হ’ব পাৰে, কিছুমান বিমান বৰ্তমান বাতিল কৰা হৈছে। ইণ্ডিগ’য়েও একে ধৰণৰ সম্ভাৱ্য প্ৰভাৱৰ কথা জনাইছে।

Exit mobile version