Apcc Pressmeet:
জীৱিত ভোটাৰক মৃত ব্যক্তিৰ তালিকাভুক্ত কৰি নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰাপ্ত ৭নং প্ৰ-পত্ৰৰ জৰিয়তে বিশ্বনাথ সমষ্টিৰ কুমলীয়া অঞ্চলত ১৩৩নং ভোটকেন্দ্ৰত ৭০ জনতকৈয়ো অধিক লোকৰ ভোট কৰ্তন কৰাৰ ষড়যন্ত্ৰ ৰচিছে বিজেপি দলে। বিজেপি দলৰ নেতা জিতেন শইকীয়া আৰু লামা উপাধিৰ এজন বিজেপিৰ সমৰ্থকে এনেদৰে বিশ্বনাথ সমষ্টিত শ শ লোকক মৃত বুলি দাবী কৰি ভোট কৰ্তনৰ অপচেষ্টা চলাইছে। আজি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।
গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত মীৰা বৰঠাকুৰে বিশ্বনাথ সমষ্টিৰ ১৩৩নং ভোটকেন্দ্ৰত ৭৯খন ৭নং প্ৰ-পত্ৰ প্ৰদৰ্শন কৰি কেনেদৰে এই জীৱিত লোকসকলক মৃত বুলি দাবী কৰিছে সেয়া সদৰী কৰে। উল্লেখ্য যে, মৃত ব্যক্তিৰ তালিকাভুক্ত হোৱা গৰিষ্ঠসংখ্যক লোকেই ইছলামধৰ্মী ভাৰতীয় নাগৰিক। দীৰ্ঘদিন ধৰি ভোটদান কৰি থকা এই লোকসকলৰ মাজত কেবাজনো ৩০ বছৰীয়া যুৱকো আছে। এইখন চৰকাৰে মাহে মাহে ঋণ লৈ কেৱল ঢাক-ঢোল বজাই ৰাইজক আভুৱা ভাৰি প্ৰকৃত সমস্যাসমূহৰ পৰা মানুহৰ মনসংযোগ দূৰ কৰিবলৈ অপচেষ্টা চলাই অহা বুলি উল্লেখ কৰি মীৰা বৰঠাকুৰে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ দিন উকলিল, এইবাৰৰ চৰকাৰ গৌৰৱ গগৈৰ নেতৃত্বত হ’ব। জাতি, মাটি, ভেটি সুৰক্ষাৰ নামত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসমৰ ভূমিপুত্ৰসকলকো জনজাতিকৰণ কৰিম বুলি ৰামঠগন দিয়াৰ কথা উল্লেখ কৰি বৰঠাকুৰে কয় যে বিজেপিয়ে অসমতো বিহাৰ-হাৰিয়ানাৰ মডেল প্ৰয়োগ কৰি ভাৰাতীয়া ভোটাৰৰ দ্বাৰা চৰকাৰ গঠন কৰিব বিচাৰিছে। বহু বিজেপি নেতা-কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ আৰু অনিয়মত অতিষ্ঠ হৈ দলত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ বাবে যোগাযোগ অব্যাহত ৰখা বুলি উল্লেখ কৰি বৰঠাকুৰে কয় যে চৰকাৰৰ ৰিপ’ৰ্ট কাৰ্ড বেয়া হোৱা বাবেই তেঁওলোকে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি পুনৰ শাসনৰ গাদী দখল কৰিব বিচাৰিছে।
অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক সেই সুযোগ নিদিয়ে বুলি মন্তব্য কৰি কয় যে এইবাৰ বিজেপিৰ বিৰুদ্ধে অসমৰ সকলো ৰাইজ আৰু দল-সংগঠন একত্ৰিত হৈ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাতো বিচাৰিছে। প্ৰকৃত প্ৰাক-নিৰ্বাচনী সমীক্ষাসমূহেও গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ সপক্ষে তথ্য প্ৰকাশ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে বছৰত ১ লাখ নিবনুৱাক নিযুক্তি দিম বুলি ডাংকোপ মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমৰ শিক্ষিত নিবনুৱাই বহিঃৰাজ্যত কাম কৰিবলৈ গৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বামুণৰবাৰী গাঁওখনৰ কৈলাশ নাথ নামৰ ৩০ বছৰীয়া যুৱকজনে বহিঃৰাজ্যলৈ চাকৰিসূত্ৰে গৈ বিহুত অসমলৈ ঘূৰি অহাৰ সময়ত দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু সাবতি ল’বলগীয়া হৈছে।
বহিঃৰাজ্যৰ দুৰ্বৃত্তই এই যুৱকজনক হত্যাৰ ভাবুকি দিয়া বুলি তেওঁৰ ভগ্নীক ফোন কৰি বাৰে বাৰে জনাইছিল আৰু শেষ মুহূৰ্তত ঝাৰখণ্ডত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে। এনেদৰে অসমৰ বহু যুৱক চাকৰিৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ মৃত্যুৰ মুখত পৰিছে যদিও ডাবোল ইঞ্জিন চৰকাৰখনৰ গাত লগা নাই আৰু এইক্ষেত্ৰত কোনো নীতি-নিৰ্ধাৰণ এতিয়ালৈ কৰা নাই। জামুগুৰিহাটৰ মৃত যুৱকজনৰ পৰিয়ালৰ দায়িত্ব ল’বলৈকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই বৰাই কয় যে একেখন দেশৰ ভিতৰত অসমীয়া যুৱক-যুৱতীৰ নিৰাপত্তা নোহোৱা হোৱাৰ ঘটনা ৰোধ কৰিব নোৱৰাতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চৰম ব্যৰ্থতা। সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উদিতভানু দাস আৰু মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মাও উপস্থিত থাকে।




































