China:✒️বিজ্ঞানৰ জগতত আন এক মাইলৰ খুঁটি স্থাপন কৰিলে চীনে। তেওঁলোকৰ ‘ইষ্ট’ নামৰে পৰিচিত পাৰমাণৱিক ফিউজন ৰিয়েক্টৰে এইবাৰ সমগ্ৰ বিশ্বতে তোলপাৰ লগাব পাৰে। যাক সাধাৰণ ভাষাত ‘কৃত্রিম সূর্য’ বুলি কোৱা হয়। পদার্থ বিজ্ঞানৰ ক্ষেত্ৰত ই এক বৃহৎ সফলতা হ’ব পাৰে।
বিগত বৰ্ষৰ ২০ জানুৱাৰীত এই যন্ত্রটোৱে এটা প্লাজমা অৱস্থাত ১০৬৬ ছেকেণ্ড বা প্রায় ১৭ মিনিট ধৰি কাম চলাই বিশ্ব অভিলেখ গড়ে। ই নিজেই পূর্বে ৪০৩ ছেকেণ্ডৰ অভিলেখ গঢ়িছিল; কিন্তু পৰৱৰ্তী সময়ত সেই অভিলেখক প্রায় দ্বিগুণ অতিক্রম কৰিছে। প্লাজমা হৈছে এনে এক অবস্থান, য’ত গেছৰ অনুবোৰ ইমানেই গৰম হয় যে সিবোবে ইলেক্ট্রণ বিয়পাই দিয়ে আৰু এক আয়নিত অৱস্থালৈ গুচি আহে।
সূর্য আৰু অন্যান্য নক্ষত্ৰৰ কেন্দ্ৰতো ইয়েই প্লাজমা অবস্থাত নিউক্লিয়াৰ ফিউজন ঘটাই থাকে। ফিউজন বিয়েক্টৰত বিজ্ঞানীসকলে ঠিক একে ধৰণৰ তাপমাত্রা আৰু পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰে, য’ত পাৰমাণবিক ফিউজনৰ মাধ্যমেৰে শক্তি উৎপাদন সম্ভব হয়।
এই সফল পৰীক্ষাই ইষ্টক এই পর্যন্ত বিশ্বৰ অন্যতম শ্রেষ্ঠ ফিউজন গবেষণা প্লেটফর্মরূপে প্রতিষ্ঠিত কৰিছে। একাংশ বিশেষজ্ঞৰ মতে, ১০৬৬ ছেকেণ্ডৰ দৰে দীর্ঘ সময়ৰ বাবে প্লাজমাক স্থিতিশীল কৰি বখাটো এক গুৰুত্বপূর্ণ পদক্ষেপ। চীনা বিজ্ঞানীসকলে জনাইছে যে তেওঁলোকে প্লাজমা নিয়ন্ত্ৰণ আৰু তাপ উৎপাদনৰ দক্ষতা বৃদ্ধি কৰিবলৈ বহু সহায়ক নক্সা আৰু নিয়ন্ত্রণ ব্যৱস্থা উন্নত কৰিছে।
ইষ্ট প্রকল্পটো চীনৰ এখন চহৰত সংৰক্ষণ কৰি তদাৰক কৰা হৈছে। চীনৰ এই সাফল্য অদূৰ ভৱিষ্যতে পৰিৱেশবান্ধৱ আৰু অসীম শক্তিৰ উৎসৰূপে নিউক্লিয়াৰ ফিউজন শক্তিৰ পথত এক বৃহৎ পদক্ষেপ বুলি গণ্য কৰা হৈছে।
বিশ্বব্যাপী ফিউজন শক্তিৰ ওপৰত গৱেষণা বহু বছৰৰ পৰা অব্যাহত থাকিলেও এতিয়ালৈকে তাৰ পৰা বাণিজ্যিক শক্তি উৎপাদন আৰম্ভ হোৱা নাই। তথাপি এই সাফল্যই আন্তর্জাতিক গৱেষকসকলৰ আশা বৃদ্ধি কৰিছে যে এদিন আমিও সূৰ্যৰ দৰে শক্তি লাভ কৰিব পাৰিম।
ইপিনে, চীনে কেৱল ইষ্টতে থমকি ৰোৱা নাই। তেওঁলোকে অন্যান্য ফিউজন গৱেষণা উদ্যোগতো বৃহৎ অৱদান ৰাখিছে আৰু আন্তর্জাতিক সহযোগিতাৰ মাধ্যমেৰে ফিউজন শক্তিৰ উন্নয়নত অংশ লৈছে। এই প্রকল্পসমূহে ভৱিষ্যতৰ শক্তিৰ চাহিদা আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ সমাধানত উন্নত তথা নির্গমনহীন শক্তি উৎপাদনৰ সম্ভাৱনা সৃষ্টি কৰিছে।
অৱশ্যে চীনৰ এই ‘কৃত্রিম সূর্য’ই বিশ্বৰ অন্যান্য দেশক আতংকিতও কৰি তুলিছে। বহুতেই আশংকা কৰিছে যে এই প্রকল্পটো যদি কাৰ্যকৰ কৰা হয়, তেন্তে পৃথিৱীৰ বায়ুমণ্ডলত বিৰাট বিৰূপ প্ৰভাৱ পৰিব পাৰে। ফলত চীনৰ এই কামক বিশ্বৰ বাকী শক্তিধৰ দেশসমূহে কিমান মানি ল’ব, তাক লৈও ইতিমধ্যে চর্চা আৰম্ভ হৈছে। অৱশ্যে এই কামটো নিৰাপদ বুলিয়েই দাবী কৰিছে চীনে। তথাপি ইয়াৰ ক্ষতিকাৰক দিশ থকাৰ সম্ভাৱনা থাকিব পাৰে বুলি অনুমান কৰিছে বিজ্ঞানী মহলে।






























