প্ৰেমৰ বীমা! চীনত এনে বীমাৰ সুবিধাও আছে। ইয়াৰ সুবাদত বিয়াৰ পাছতে এগৰাকী মহিলাই সংশ্লিষ্ট প্রতিষ্ঠানৰ লক্ষাধিক সামলে তিষ্ঠন হেছে চীন শাক প্ৰদেশৰ জিয়ানেৰ বাসিন্দা উৰ প্রেমিক ওয়াঙে ২০১৬ত প্ৰেমৰ বীমা কৰে। ভাৰতীয় মুদ্রাত ২৫০০ টকা মূল্যৰ এই বীমা ওয়াঙে প্রেমিকাক উপহাৰ দিয়ে।
বীমাৰ চৰ্ত আছিল দুয়ো নিৰ্ধাৰিত সময়ত বিবাহপাশত আবদ্ধ হ’লে ১০ হেজাৰ য়ুয়ান অর্থাৎ লক্ষাধিক টকা বা ১০ হেজাৰ গোলাপ ফুল উয়ে লাভ কৰিব। পাছত যোৱা বছৰ অক্টোবৰত বিবাহপাশত আবদ্ধ হয় এই দুই প্রেমিক-প্রেমিকা। বীমাৰ চৰ্ত অনুসৰি দুয়ো সংশ্লিষ্ট বীমা প্রতিষ্ঠান চাইনা লাইফ প্রপার্টি এন্ড কেজুৱেলিটি ইন্সুৰেঞ্চ কোম্পানী লিমিটেডৰ ওচৰত বীমাৰ ধনৰ বাবে আবেদন জনায়।
এই আবেদনৰ ভিত্তিত উৰ হাতত প্রতিষ্ঠানটোৱে তাৎক্ষণিকভাবে বীমাৰ ধন তুলি দিয়ে। প্রতিষ্ঠানটোৱে ধনৰ পৰিৱৰ্তে ১০ হেজাৰ গোলাপ ফুল প্রদানৰো প্রস্তাব দিছিল যদিও মহিলাগৰাকীয়ে নগদ ধনহে গ্রহণ কৰে। কাৰণ এই ধন লাভ কৰাৰ সময়লৈ তেওঁলোকৰ মধুচন্দ্রিকা শেষ হৈছিল। গতিকে তেওঁলোকক গোলাপ ফুলৰ প্ৰয়োজন নোহোৱা হয়।
এই দম্পতীৰ উক্ত বীমা ২০১৭তে বন্ধ হয় যদিও তেওঁলোকৰ পলিচী বৈধ আছিল। উ আৰু য়াঙৰ এই প্ৰেমৰ বীমা সামাজিক মাধ্যমত চর্চা হৈছে। এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ঘটনাটোক লৈ লিখিছে, ‘মোৰ স্বামীৰ স’তে মোৰ কলেজীয়া দিনতে পৰিচয় হৈছিল। পাঁচ বছৰ ধৰি দুয়ো ডেটিঙো কৰো। বিয়া হোৱা ন বছৰ হ’ল। এনে বীমাৰ কথা জনা নাছিলো।’






























