Earthquake :✒️আজি পুৱাই ভূমিকম্পত কঁপি উঠিল উত্তৰ-পশ্চিম কাশ্মীৰ । নেচনেল চেণ্টাৰ ফৰ ছিছম’লজী (NCS)ৰ মতে, ভূমিকম্পৰ মাত্ৰা আছিল ৰিখটাৰ স্কেলত ৫.৭। কম্পনৰ কেন্দ্ৰ আছিল লেহ্–লাদাখ অঞ্চলত ভূগৰ্ভৰ ১৭১ কিলোমিটাৰ গভীৰত।
এই ভূমিকম্পৰ ফলত কাশ্মীৰত এতিয়ালৈ কোনো ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই। অৱশ্যে সম্ভাৱ্য আফ্টাৰশকৰ আশংকাত প্ৰশাসনে পৰিস্থিতিৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে আৰু বাসিন্দাসকলক সতৰ্ক থাকিবলৈ অনুৰোধ জনাইছে।
বিশেষজ্ঞসকলৰ মতে, হিমালয় পৰ্বতীয়া অঞ্চলটো সক্ৰিয় টেকটনিক প্লেটৰ ওপৰত অৱস্থিত হোৱাৰ বাবে এই অঞ্চলত সময় সময়ে ভূমিকম্প অনুভূত হয়। সোমবাৰৰ ভূমিকম্পৰ পাছতে উদ্ধাৰ আৰু প্ৰশাসনিক বিভাগসমূহ সতৰ্ক হৈ পৰে।
উল্লেখযোগ্য যে, ইয়াৰ এদিন পূৰ্বে আফগানিস্তানতো ভূমিকম্প অনুভূত হৈছিল, যাৰ মাত্ৰা আছিল ৪.১। ইয়াৰ আগতে ১৪ জানুৱাৰীত ৪.২ আৰু ১৫ জানুৱাৰীত ৩.৮ মাত্ৰাৰ ভূমিকম্প সংঘটিত হৈছিল আফগানিস্তানত।
বিশেষজ্ঞসকলে সমগ্ৰ অঞ্চলটোত ভূমিকম্পীয় সজাগতা বজাই ৰাখিবলৈ পৰামৰ্শ দিছে।






























