Makum Police:
মাকুমৰ যুৱতীক এআইৰ জৰিয়তে অশ্লীল ভিডিঅ’ বনাই ব্লেকমেইল কৰা পশ্চিমবংগৰ যুৱক তিনিচুকীয়াআৰক্ষীৰ জালত । পশ্চিমবংগৰ গোপালপুৰৰ উত্তৰপুৰ নিবাসী ৰঞ্জিত সিঙক কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰে মাকুম আৰক্ষীয়ে ৷ উল্লেখ্য যে ভুক্তভোগী যুৱতী গৰাকীক ব্লেকমেইলিঙ কৰি অহাৰ সন্দৰ্ভত পশ্চিমবংগৰ যুৱকজনৰ বিৰুদ্ধে যুৱতী গৰাকীৰ পৰিয়ালে গোচৰ তৰিছিল। ইতিমধ্যে ধৃত যুৱকজনক অধিক তথ্যৰ বাবে মাকুম আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।
ADVERTISEMENT




































