Hatigaon :
তিনিটা বছৰত প্ৰৱঞ্চনাৰে ১৫০খন গাড়ী চুৰি কৰি বিক্ৰী কৰা চুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড অৱশেষত আৰক্ষী জালত পৰে ৷ বিশেষ খবৰৰ ভিত্তিত মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে ভেটাপাৰাত অভিযান চলাই ৰূপজ্যোতি দাস নামৰ মহা প্ৰৱঞ্চকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ৷
উল্লেখ্য যে আটকাধীন ৰূপজ্যোতি দাস নামৰ মহা প্ৰৱঞ্চকজনে নিজকে বেংক বিষয়া বুলি চিনাকি দি গুৱাহাটী সহ বিভিন্ন স্থানৰ পৰা প্ৰায় ১৫০ খন বাহন বিভিন্ন সময়ত ভাড়া লৈ পৰৱৰ্তী সময়ত ফাইনেন্সে টনা বুলি কৈ বিক্ৰী কৰি আহিছিল ৷ এই সন্দৰ্ভত কে’বাজনো ভুক্তভোগীয়ে হাতীগাঁও থানাত গোচৰ তৰিছিল ৷ অৱশেষত ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে মহা প্ৰৱঞ্চকজনক ৰূপজ্যোতি দাস ১১খন চাৰিচকীয়া বাহন সহ গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে আটকাধীন প্ৰৱঞ্চক জনক অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে।



































