Theft Incident:
ক্ৰমাৎ অপৰাধীৰ ভূস্বগলৈ পৰ্যবেশিত হৈছে গুৱাহাটী মহানগৰ ৷ দিনক দিনে বৃদ্ধি পাইছে অপৰাধীৰ কাৰ্যকলাপ ৷ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি চোৰ-ডকাইতি চলাই গৈছে চাফাই অভিযান। সোমবাৰে ফটাশিল- আমবাৰী থানাৰ অন্তৰ্গত গনেশপাৰাৰ এটা অট্টালিকাত নিশা দুৰ্বৃত্তই প্ৰৱেশ কৰি গৃহস্থৰ পিষ্টল দেখুৱাই নগদ ধন সহ সোণৰ আ- অলংকাৰ লুট কৰি নিয়াৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ গনেশপাৰাতে সংঘটিত হ’ল আন এক ঘটনা।
গনেশপাৰাৰ দেবেশ্বৰ স্বৰ্গীয়াৰী পথত থকা জ্যেষ্ঠ অধিবক্তা প্ৰবীণ কুমাৰ কলিতাৰ বাসগৃহৰ দুৱাৰ ভাঙি চেম্বাৰত দুর্বৃত্তৰ প্ৰৱেশ কৰি চেম্বাৰটো লণ্ড-ভণ্ড কৰি তাত থকা লেপটপ, ধন আৰু নথিপত্র লুট কৰি লৈ যায় ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ফটাশিল- আমবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বৃহত্তৰ ফটাশিল- আমবাৰী অঞ্চলত ইটোৰ পিছত সিটোকৈ চোৰ-ডকাইতৰ টিঘিলঘিলনিক লৈ সন্তস্ত হৈ পৰিছে অঞ্চলবাসী।




































