Most Handsome Man:বিশ্বৰ কোন দেশৰ পুৰুষ সবাতোকৈ দেখনিয়াৰ তালিকাত আছেনে ভাৰত ?

WhatsApp Image 2026 01 23 at 6.50.18 PM

Most Handsome Man:

সৌন্দর্যক লৈ বিশ্বত সকলোৰে ধাৰণা আৰু মত পৃথক পৃথক হয়। উদাহৰণস্বৰূপে ভেনিজুৱেলাৰ মহিলাক সুন্দৰ ছাল, ঘন চুলি, সুঠাম চেহেৰা আদিৰ কাৰণত বিশ্বৰ সবাতোকৈ সুন্দৰী বুলি অভিহিত কৰা হয়। কিন্তু আপুনি কেতিয়াবা এই কথা ভাবি চাইছে নে বিশ্বৰ ভিতৰত কোন দেশৰ পুৰুষ সবাতোকৈ সুদর্শন বা দেখনিয়াৰ? সম্প্রতি ইনফ’ডক্স নামৰ এক সংস্থাই বিশ্বৰ সবাতোকৈ সুদর্শন পুৰুষৰ দেশৰ এখন তালিকা প্রস্তুত কৰিলে।

এই তালিকাত বিশ্বৰ ২৫ খন দেশক স্থানভুক্ত কৰা হৈছে। তালিকাত জাপান, কোৰিয়া, পাকিস্তান, স্পেইন আদি বহু দেশৰ নাম আছে। ইনফ’ডক্সৰ তালিকাখনত বিশ্বৰ ভিতৰতে সবাতোকৈ দেখনিয়াৰ চেহেৰাৰ পুৰুষৰ দেশ হিচাপে প্রথম স্থান লাভ কৰিলে স্পেইনে। স্পেনিছ পুৰুষৰ ছালৰ ৰং, চকুৰ ৰং, সুঠাম শৰীৰ আৰু সুদর্শন ব্যক্তিত্বৰ কাৰণত বিশ্বৰ ভিতৰতে সবাতোকৈ দেখনিয়াৰ পুৰুষৰ দেশ হিচাপে শীৰ্ষত স্থান লাভ কৰিলে।

সুদর্শন পুৰুষৰ দেশ হিচাপে তালিকাত দ্বিতীয় স্থানত ছুইডেন, তৃতীয় ফ্রান্স, চতুর্থ ব্রাজিল আৰু পঞ্চম স্থানত ইটালী আছে। সুদর্শন পুৰুষৰ দেশ হিচাপে তালিকাত সপ্তম স্থান লাভ কৰিছে ভাৰতে। একেখন তালিকাত তুৰস্ক যষ্ঠ, আমেৰিকা অষ্টম, জাপান নৱম, জার্মানী দশম, ছৌদি আৰৱ একাদশ, ব্রিটেইন দ্বাদশ, কানাডা ১৩, ডেনমার্ক ১৪, দক্ষিণ আফ্রিকা ১৫, চীন ১৬, নৰৱে ১৭. লেবানন ১৮, পাকিস্তান ১৯. চেক গণৰাজ্য ২০, ভেনিজুৱেলা ২১, ভিয়েটনাম ২২, ছোমালিয়া ২৩, অংগোলা ২৪ আৰু দক্ষিণ কোৰিয়া ২৫ সংখ্যক স্থানত আছে।

Exit mobile version