Sibsagar:
ব্যাপক উন্নয়নৰ জয়ঢোল কোবোৱা বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ ফোপোলা স্বৰূপ উদং খালে শুক্ৰবাৰে শিৱসাগৰত ৷ চাৰিলেনযুক্ত শিৱসাগৰ আৰু গৌৰীসাগৰ সংযোগী নামদাং নদীৰ ওপৰত নিৰ্মীয়মাণ নতুন দলং খন মাজতে ভাঙি দুটুকুৰা হয় ৷
উল্লেখ্য যে কইনা খোজেৰে বিগত পাঁচবছৰৰ পৰা নিৰ্মাণ হৈ থকা দলং খন হঠাতে ভাঙি পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় শিৱসাগৰত । উদ্থাপিত অভিযোগ অনুযায়ী দলং খন নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ বাবেই মাজ ভাগতে ভাঙি পৰে দলং খন। সচেতন মহলৰ প্ৰশ্ন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত দলং খন ব্যৱহাৰৰ বাবে যদি মুকলি হোৱাৰ সময়ত এনে অঘটন হোৱাহেতেন কি হ’ল হয় ।
