Veg-Non Veg Controversy:✒️বন্দে ভাৰত স্লিপাৰ ৰে’ল চলাচল আৰম্ভ হোৱাৰ লগে লগে জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু ৰে’লখনত কেৱল নিৰামিষ আহাৰ পৰিবেশনক লৈ এতিয়া বিতৰ্ক আৰম্ভ হৈছে।
বহু যাত্ৰীয়ে এই ব্যৱস্থাত আপত্তি জনোৱাৰ মাজতে বিষয়টো এতিয়া ৰাজনৈতিক ৰূপ লৈছে।এই বিতৰ্কৰ মাজতেই উৰিষ্যাৰ কোৰাপুট জিলাত জাৰি হৈছে এক নতুন নিৰ্দেশনা।
জিলাশাসকে ঘোষণা কৰিছে যে ৭৭তম গণৰাজ্য দিৱসৰ দিনা জিলাখনত মাছ, মাংস, কণীসহ সকলো আমিষ আহাৰ বিক্ৰী নিষিদ্ধ থাকিব। নিৰ্দেশনা অমান্য কৰিলে কঠোৰ ব্যৱস্থা লোৱাৰো সকিয়নি দিয়া হৈছে।
এই সিদ্ধান্তক লৈ তৃণমূল কংগ্ৰেছে বিজেপিক আক্ৰমণ কৰি অভিযোগ তুলিছে যে সাধাৰণ মানুহে কি খাব সেইটোও এতিয়া নিৰ্দেশ জাৰি কৰা হৈছে। দলটোৰ মতে, এইধৰণৰ সিদ্ধান্তই ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপৰ দিশে ইঙ্গিত কৰে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু অঞ্চলত আমিষ আহাৰ নিষিদ্ধ কৰাৰ ঘটনাই বিতৰ্ক সৃষ্টি কৰিছিল। এতিয়া গণৰাজ্য দিৱসতো নিৰামিষ আহাৰৰ নিৰ্দেশনাই পুনৰ দেশজুৰি চৰ্চা আৰম্ভ কৰিছে।
