প্ৰচণ্ড শীতৰ কবলত কঁপিছে আমেৰিকাৰ বিস্তৃত অঞ্চল। টেক্সাছ, ওকলাহোমা আৰু কানচাছত শুকুৰবাৰে নিশা নতুনকৈ বৰফ পৰাত ঠাণ্ডা আৰু অধিক তীব্ৰ হৈছে। সপ্তাহান্তত শীতৰ প্ৰভাৱ আৰু বৃদ্ধি পোৱাৰ আশংকাত আগতীয়াকৈ প্ৰায় আঠ হেজাৰ বিমান বাতিল কৰা হৈছে।ইয়াৰ ফলত দেশজুৰি যাতায়াত ব্যৱস্থাত ব্যাপক ব্যাঘাত সৃষ্টি হৈছে।
একেদৰে, বিভিন্ন ৰাজ্যত বিদ্যুৎ বিভ্ৰাটেও পৰিস্থিতি অধিক কঠিন কৰি তুলিছে। বিদ্যুৎ নথকাৰ বাবে বহু বাসিন্দাই হিটাৰ চলাব নোৱাৰি শীতত কঁপিছে। সম্ভাৱ্য গৃহবন্দিত্বৰ আশংকাত বহু লোকে আগতেই খাদ্য সামগ্ৰী আৰু জৰুৰী সামগ্ৰী ক্ৰয় কৰি ঘৰত সঞ্চয় কৰিছে, যাৰ ফলত কিছুমান অঞ্চলত কৃত্ৰিম সংকট সৃষ্টি হৈছে।
প্ৰশাসন সূত্রে জানিব পৰা মতে, ৰকি পৰ্বতমালাৰ পৰা গ্ৰেট লেকছলৈকে আমেৰিকাৰ প্ৰায় আধা অংশ শীত প্ৰবাহৰ কবলত। তথ্য অনুসৰি, ১৪খন ৰাজ্য আৰু কলাম্বিয়া ডিষ্ট্ৰিক্টত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। বাসিন্দাসকলক ঘৰৰ ভিতৰত থাকিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছে প্ৰশাসনে।
স্থানীয় লোকৰ মতে, বাহিৰত ওলাই গ’লেই ১০ মিনিটৰ ভিতৰত ফ্ৰষ্টবাইট হোৱাৰ আশংকা আছে।আমেৰিকাৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সেৱাই জনোৱা মতে, পূব টেক্সাছৰ পৰা নৰ্থ কেৰোলাইনা পৰ্যন্ত অঞ্চলত ভাৰী তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে।
এই শীতপ্ৰবাহ দক্ষিণ দিশৰ পৰা উত্তৰ-পূৰ্বলৈ আগবঢ়াৰ ফলত ৱাশিংটন, নিউয়ৰ্ক আৰু বষ্টনত প্ৰায় এক ফুট গভীৰ বৰফ জমাৰ সম্ভাৱনা আছে।
উড়ান পৰ্যবেক্ষক সংস্থা ফ্লাইটঅৱেয়াৰৰ মতে, শনিবাৰে আমেৰিকাত ৩,৪০০ৰো অধিক উড়ান বাতিল বা পলম হৈছে। দেওবাৰে পুনৰ ৫,০০০ উড়ান বাতিল কৰা হৈছে। এয়াৰ ইণ্ডিয়াই ঘোষণা কৰিছে যে, দেওবাৰ আৰু সোমবাৰে নিউয়ৰ্ক আৰু নেওৱাৰ্কলৈ আৰু চেখানৰ পৰা চলিবলগীয়া সকলো উড়ান বাতিল কৰা হৈছে।
শীতপ্ৰবাহৰ প্ৰভাৱত বজাৰসমূহত গাখীৰ, কণী আৰু পানীয় পানীৰ দৰে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ সংকট দেখা দিছে। বিশেষকৈ মিছিছিপি, টেক্সাছ আৰু ৱাশিংটন ডিচিৰ কিছুমান অঞ্চলত দোকান প্ৰায় খালী হৈ পৰিছে।
ইফালে, বিদ্যুৎ বিভ্ৰাটে ভোগান্তি আৰু অধিক বৃদ্ধি কৰিব পাৰে বুলি আশংকা কৰা হৈছে। বহু ঠাইত বিদ্যুতৰ খুঁটি ভাঙি পৰিছে। কিছুমান অঞ্চলত কেবাদিনো বিদ্যুৎ সেৱা বন্ধ থাকিব পাৰে বুলি প্ৰশাসনে আশংকা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, পাঁচ বছৰ পূৰ্বে টেক্সাছত একে ধৰণৰ শীতপ্রবাহৰ সময়ত বিদ্যুৎ নথকাৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছিল।
এই পৰিস্থিতিৰ মোকাবিলাৰ বাবে ফেডাৰেল ইমাৰ্জেন্সি মেনেজমেন্ট এজেন্সীয়ে ৩০টা উদ্ধাৰকাৰী দল প্ৰস্তুত ৰাখিছে। লগতে ছয় লাখ কম্বল আৰু ৩০০ জেনেৰেটৰ মজুত ৰখা হৈছে। ফিলাডেলফিয়াত সোমবাৰে বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। দক্ষিণৰ কিছুমান ৰাজ্যত কলেজো বন্ধ থাকিব। টেনিছিৰ কেবাটাও গিৰ্জাই দেওবাৰে অনলাইন প্ৰাৰ্থনাৰ ঘোষণা কৰিছে।






























