Cold Wave :✒️দিল্লীত অব্যাহত আছে শীতপ্ৰবাহ । বিগত দুদিন ধৰি ৰাজধানীখনৰ সৰ্বনিম্ন তাপমাত্ৰা তিনি ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে আছিল।বৃহস্পতিবাৰে পাৰা তিনি ডিগ্ৰীৰ তললৈ নামি আহিল। বতৰ বিজ্ঞান বিভাগৰ মতে, এই দিনটো চলিত শীতকালৰ আটাইতকৈ শীতল দিন।
ঠাণ্ডাৰ লগতে দিল্লীৰ বিভিন্ন অঞ্চল ঘন কুঁৱলীৰ আচ্ছন্ন হৈ আছে। পুৱাৰ সময়ছোৱাত কুঁৱলীৰ প্ৰভাৱ বৃদ্ধি পোৱাত, ৰেল আৰু বিমান চলাচল ব্যাহত হৈছে। বৃহস্পতিবাৰে পালম বিমানবন্দৰত দৃশ্যমানতা ৫০ মিটাৰৰ তললৈ নামি আহে।
দিল্লীৰ পালমত সৰ্বনিম্ন তাপমাত্ৰা ২.৩ ডিগ্ৰী, আয়ানগৰত ২.৭ ডিগ্ৰী আৰু লোধী ৰোডত ৩.৪ ডিগ্ৰী চেলচিয়াছ হৈছে। এনচিআৰ অঞ্চলতো তাপমাত্ৰা তিনি ডিগ্ৰীৰ আশে-পাশে আছে।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, অহা ১৯ জানুৱাৰীলৈকে শীতপ্ৰবাহ আৰু ঘন কুঁৱলীৰ প্ৰভাৱ অব্যাহত থাকিব। একে সময়তে হিমাচল প্ৰদেশ, পঞ্জাব, হৰিয়ানা, চণ্ডীগড়, দিল্লীসহ কেবাখনো ৰাজ্যত শীতপ্ৰবাহ আৰু কুঁৱলীৰ সতর্কতা জাৰি কৰা হৈছে।






























