Delhi:দিল্লীত গ্ৰেপ্তাৰ গুৱাহাটীৰ মহিলা

বিদেশী দূতাবাসৰ ভুৱা নম্বৰপ্লেট যুক্ত বাহন লৈ সন্দেহজনকভাৱে ঘূৰা-ফুৰা সময়ত গ্ৰেপ্তাৰ

WhatsApp Image 2026 01 24 at 4.31.16 PM

Delhi:

গণতন্ত্ৰ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অভেদ্য দূৰ্গত দেশৰ ৰাজধানী চহৰ দিল্লী। নিৰাপত্তা বাহিনীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ মাজতে HIGH SECURITY ZONE হিচাপে পৰিগণিত বিভিন্ন দেশৰ দূতাৱাস থকা বসন্ত বিহাৰত সন্দেহজনকভাৱে ঘূৰা-ফুৰা সময়ত দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ হাতত গ্ৰেপ্তাৰ হয় গুৱাহাটীৰ আছমা বেগম নামৰ মহিলা গৰাকী ৷

উল্লেখ্য যে আটকাধীন মহিলা গৰাকীয়ে বিদেশী দূতাবাসৰ ভুৱা নম্বৰপ্লেট যুক্ত বাহন লৈ বসন্ত বিহাৰত ঘূৰা-ফুৰা কৰি আছিল ৷ ইতিমধ্যে ক্ৰাইম বাঞ্চে সোধপোছ অব্যাহত ৰাখিছে মহিলা গৰাকীক ৷

Exit mobile version