প্রযুক্তিৰ উন্নয়ন কেৱল ডিজিটেল ক্ষেত্রতে সীমাবদ্ধ থকা নাই। চৌপাশে কিছু চকু ফুৰালেই দেখা যায় যে প্রযুক্তিৰ উন্নয়নে আন বিভিন্ন খণ্ডকো স্পর্শ কৰিছে। ইয়াৰ এক স্পষ্ট আভাস দি জার্মানী আৰু ডেনমার্কক সংযোগ কৰি বেল্টিক সাগৰৰ তলবে নির্মাণ চলিছে এক দৈত্যকায় সুৰংগৰ।
ইউৰোপৰ দেশ দুখনক সংযোগ কৰি নিৰ্মাণ কৰা ১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগই বহুতৰে দৃষ্টি আকর্ষণ কৰিছে। ২০২৯ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা এই সুৰংগই জার্মানীৰ পুট্টা গার্ডেন আৰু ডেনমাৰ্কৰ ৰ’ডবীক সংযোগ কৰিব।
এই সুৰংগত ৮৯ টা গোট আছে। প্রতিটো গোটৰ দৈর্ঘ্য ২১৭মিটাৰ আৰু ওজন ৭৩,৫০০ টন। সাগৰৰ তলপৃষ্ঠৰ ৪০ মিটাৰ তলত এই সুৰংগ নিৰ্মাণ কৰি থকা হৈছে বুলি সংশ্লিষ্টসকলে জনায়।
এই দৈত্যকায় সুৰংগ নিৰ্মাণৰ বাবে সাত বিলিয়ন ইউৰো (ভাৰতীয় মুদ্রাত এক ইউৰোৰ মূল্য হ’ল ১০৭.৭৪ টকা) ধাৰ্য কৰা হৈছে। এই সুৰংগ মুকলি হ’লে পুট্টাগার্ডেন আৰু ৰ’ডবীৰ মাজৰ দূৰত্ব ৪৫ মিনিট (নাৱৰে যাত্রা) আৰু ১০ মিনিট (গাড়ীৰে যাত্ৰাৰ ক্ষেত্ৰত) হ্রাস পাব।
একেদৰে ক’পেনহেগেন আৰু হামবাৰ্গৰ মাজত যাত্ৰাৰ সময় আঢ়ৈ ঘণ্টা হ্রাস পাব। বিশেষজ্ঞসকলে এই বৃহৎ নির্মাণ প্রকল্প অভিযান্ত্রিক ক্ষেত্রত এক বৃহৎ সফলতা আখ্যা দিছে। তদুপৰি বাস্তবিক অর্থনৈতিক ক্ষেত্রত ইউৰোপীয় সহযোগিতাৰ এক স্পষ্ট নিদর্শন বুলিও আখ্যা দিয়া হৈছে।
উল্লেখ্য যে সাগৰৰ তলিত এই সুৰংগ নিৰ্মাণ ২০২৪ৰ পহিলাতে আৰম্ভ হয়। এই প্রকল্পই আঙুলিয়াই দিছে অভিযান্ত্রিক অগ্রগতিয়ে পূর্বে অসম্ভৱ বুলি ধাৰণা কৰা কাৰ্যকো কেনেদৰে সম্ভৱ কৰি তুলিছে। ইয়াৰ সমান্তৰালভাৱে দুয়োখন দেশৰ মাজৰ সহযোগিতাকো এই নির্মাণ প্রকল্পই স্পষ্ট ৰূপত তুলি ধৰিছে।
এই কথায়ো বহুতৰে দৃষ্টি আকর্ষণ কৰিছে। প্রকল্পটো নির্মাণ সম্পূর্ণ হৈ উঠাৰ পাছত দেশী-বিদেশী বহু পর্যটকো আকর্ষিত হ’ব বুলি সংশ্লিষ্টসকলে ধাৰণা কৰিছে। এই সম্পর্কত এজন বিশেষজ্ঞই কয়, ‘এই প্ৰকল্পৰ জৰিয়তে কেৱল অভিযান্ত্রিক অভিলেখেই স্থাপন হোৱা নাই। আমি কেনেদৰে সহযোগিতাৰে আগবাঢ়িব পাৰো তাকো এই প্রকল্পই তুলি ধৰিছে।এই প্রকল্প সম্পূর্ণ হৈ উঠিলে যাতায়াতৰ ক্ষেত্ৰত যাত্ৰীসকলৰ বহু সময় বাহি হ’ব।’ গতিকে এই নিৰ্মাণ প্ৰকল্পৰ ব্যৱহাৰিক উপযোগিতাও আছে।
