Pariksha Pe Charcha 2026:পৰীক্ষা মানেই অধিকাংশ ছাত্ৰ-ছাত্ৰীলৈ উত্তেজনা, চিন্তা আৰু মনৰ কোণত সোমাই থকা ভয়। এই ভয় দূৰ কৰাৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰকে প্ৰতিবছৰে ‘পৰীক্ষা পে চর্চা’ নামৰ এক বিশেষ উদ্যোগ গ্ৰহণ কৰে।
২০১৮ চনত আৰম্ভ হোৱা এই উদ্যোগটোৰ মূল উদ্দেশ্য
✔️পৰীক্ষাৰ চাপ কেনেকৈ সামৰিব ।
✔️ পৰীক্ষাক ভয় নকৰাকৈ উৎসৱৰ দৰে গ্ৰহণ কৰিব ।
✔️ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ মনোবল বৃদ্ধি ।
এই উদ্যোগৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকলৰ স’তে আলোচনাত বহে আৰু পৰামৰ্শ দিয়ে।
২০২৪ৰ ‘পৰীক্ষা পে চর্চা’ই ভাঙিলে সকলো ৰেকৰ্ড
শিক্ষামন্ত্ৰক সূত্রৰ অনুসৰি, ১১ জানুৱাৰীলৈকে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰেজিষ্ট্ৰেশ্যন চলিছিল। এইবাৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৪.৫ কোটি লোকে।
ইয়াৰ উপৰিও বিভিন্ন সংযুক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ২.২৬ কোটি লোকে।উল্লেখ্য যে, মুঠ অংশগ্ৰহণকাৰী: ৬.৭৬ কোটি।
অৰ্থাৎ, এইবাৰ সমগ্ৰ ভাৰতৰ উত্তৰ-দক্ষিণ, পূৱ-পশ্চিমৰ পৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক-অভিভাৱকে একেলগে “পৰীক্ষা পে চর্চা”ত অংশগ্ৰহণ কৰি পৰীক্ষাৰ ভয় কমাবলৈ আগবাঢ়িছে।






























