ভাৰতীয় নৌবাহিনীৰ শক্তি বৃদ্ধি

MiG-29K যুদ্ধবিমানত সফলভাৱে সংযুক্ত NASM-MR ক্ষেপণাস্ত্ৰ

IMG 20260128 133327

ভাৰতীয় নৌবাহিনীয়ে লাভ কৰিলে আৰু এটা গুৰুত্বপূৰ্ণ সাফল্য । NASM-MR (Medium Range Anti-Ship Missile) এতিয়া নৌবাহিনীৰ MiG-29K যুদ্ধবিমানৰ পৰা ব্যৱহাৰৰ বাবে সম্পূৰ্ণৰূপে সাজু।

এই ক্ষেপণাস্ত্ৰটোৰ স’তে যুদ্ধবিমানৰ যান্ত্ৰিক, বৈদ্যুতিক আৰু সফ্টৱেৰৰ সংযোগ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ইতিমধ্যে ভূমিৰ পৰা উৎক্ষেপণ আৰু বিমানৰ স’তে সংযুক্ত কৰি উৰণ পৰীক্ষাও কৰা হৈছে।

চলিত বছৰৰ প্ৰথম ত্ৰৈমাসিকতেই বিমানৰ পৰা ক্ষেপণাস্ত্ৰ উৎক্ষেপণৰ চূড়ান্ত পৰীক্ষা সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে NASM-MR কোনো একক ক্ষেপণাস্ত্ৰ নহয়, ই হৈছে একাধিক মিডিয়াম ৰেঞ্জ অ্যান্টি-শিপ ক্ষেপণাস্ত্ৰৰ পৰিয়াল। এই শক্তিশালী ক্ষেপণাস্ত্ৰৰ পাল্লা ২৯০ৰ পৰা ৩৫০ কিলোমিটাৰলৈকে।

এই সাফল্যই সমুদ্ৰ সীমাত ভাৰতীয় নৌবাহিনীৰ আক্রমণ আৰু প্ৰতিৰক্ষা ক্ষমতা বহুগুণে বৃদ্ধি কৰিব।

Exit mobile version