ভাৰত আৰু ইউৰোপীয় সংঘ (ইইউ)ৰ মাজত সম্পন্ন হোৱা মুক্ত বাণিজ্য বুজাবুজি (এফটিএ)ৰ কথা ঘোষণা কৰাৰ পাছত ভাৰতৰ বজাৰত বিদেশী বিলাসী গাড়ীৰ মূল্য হ্ৰাসৰ পথ প্রশস্ত হ’ল।
এই বুজাবুজিৰ অধীনত ভাৰতে প্ৰথমবাৰৰ বাবে কোনো বাণিজ্যক সহযোগীয়ে নিৰ্মাণ কৰা গাড়ীত শুল্ক ৰেহাইৰ বাবে সন্মতি দিলে। ইউৰোপৰ পৰা ভাৰতলৈ আমদানি কৰা বিদেশী বিলাসী গাড়ীৰ মূল্য এফটিএৰ পাছত ৪০ৰ পৰা ৫০ শতাংশ হ্রাস পোৱাৰ সম্ভাবনা আছে বুলি বাণিজ্যিক বিশ্লেষকে জানিবলৈ দিয়ে।
ইউৰোপীয় সংঘৰে ভাৰতৰ মুক্ত বাণিজ্য বুজাবুজিৰ ফলত ভাৰতীয় বজাৰত বৰ্তমানে উপলব্ধ মার্চিডিছ, বিএমডব্লিউ, লেণ্ড ৰ’ভাব, অডি, বেণ্টলে, প’ৰ্চে, লেম্মৰঘিনিৰ দৰে বিদেশী বিলাসী গাড়ীৰ মূল্য ৪০ৰ পৰা ৫০ শতাংশ হ্রাস পাব পাৰে।
মাৰ্চিডিছ জি ক্লাছৰ গাড়ী বৰ্তমানে ২.৯০ৰ পৰা চাৰি কোটি টকাত বিক্ৰী কৰা হৈছে যদিও এই মূল্য দুইৰ পৰা ২.১৭ কোটি টকালৈ হ্ৰাসৰ সম্ভাৱনা আছে। বিএমডব্লিউ আই ৭ৰ মূল্য বর্তমান ২.০৩ কোটি টকা আৰু এই মূল্য ১.৪০ কোটি টকালৈ হাসৰ সম্ভাৱনা আছে।
লেম্বৰঘিনি উৰাছৰ মূল্য বর্তমানে ৪.১৮ কোটি আৰু এই মূল্য ২.৯০ কোটি টকালৈ অৱনমিত হ’ব পাৰে।
