অগণন অনুৰাগীক স্তম্ভিত কৰি প্ৰখ্যাত সংগীত শিল্পী অৰিজিৎ সিঙে আকস্মিকভাৱে ঘোষণা কৰিছে যে তেওঁ এতিয়াৰে পৰা আৰু কোনো চলচ্চিত্রত কণ্ঠদান নকৰে।
মঙলবাৰে সন্ধিয়া জনপ্রিয় শিল্পীজনে সামাজিক মাধ্যমত এই কথা ঘোষণা কৰি কয়, ‘সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালো। ইমান বছৰ ধৰি আপোনালোকে মোৰ শ্ৰোতাৰূপে থকাৰ বাবে অশেষ ধন্যবাদ। মই এতিয়া আনন্দৰে ঘোষণা কৰিছো যে এতিয়াৰে পৰা মই আৰু চলচ্চিত্ৰত গান নাগাওঁ। ইয়াতে মই থমকি ৰ’লো। নেপথ্য সংগীতত কণ্ঠদান বন্ধ কৰিলো।’
অৱশ্যে জনপ্রিয় শিল্পীজনে কিয় আকস্মিকভাৱে এই বৃহৎ সিদ্ধান্ত গ্রহণ কৰিলে সেয়া স্পষ্ট হোৱা নাই। তাৰ মাজতে এক সূত্রই কয় যে অৰিজিতে চলচ্চিত্ৰৰ পৰা সাময়িক বিৰতিহে লৈছে।
কণ্ঠক জিৰণি দিয়াৰ উদ্দেশ্যে তেওঁ এই সিদ্ধান্ত লোৱা বুলি সূত্ৰটোৱে জনায়। উল্লেখ্য যে শেহতীয়াভাৱে অৰিজিতে ‘ল গৌৰাংগেৰ নাম ৰে’ শীর্ষক ছবিত কণ্ঠদান কৰে। ছবিখনত তেওঁ কণ্ঠদান কৰা ‘ক্ষণে গৰাচান্দ’ শীর্ষক গীতটিৰ জনপ্রিয়ও হৈছে।
তদুপৰি তেওঁ শেহতীয়াভাৱে খলকনি লগোৱা ‘ধুৰন্ধৰ’ ছবিৰ ‘গেহৰা হুৱা’ শীর্ষক বিপুল জনপ্রিয় গানটোতো কণ্ঠদান কৰে। তেওঁ কণ্ঠদান কৰা ‘অ’ ৰোমিঅ” ছবিখনে অলপতে মুক্তি লাভ কৰিব। এইখনেই তেওঁ কণ্ঠদান কৰা শেষ ছবি বুলিও অৰিজিতে প্ৰকাশ কৰিছে।
উল্লেখ্য যে কেৱল নেপথ্য সংগীতত কণ্ঠদানেই নহয়, দুখন ছবিও পৰিচালনা কৰিছে এই জনপ্রিয় শিল্পীজনে। তেওঁৰ প্ৰথম ছবি ‘ছা’ মুক্তিৰ অপেক্ষাত আছে। তেওঁ পৰিচালনা কৰা দ্বিতীয়খন ছবি হ’ল ‘ভয়’। ‘ভয়’ এখন হিন্দী ছবি। অৰজিতৰ ‘তুম হি হো’ আজিও অনেক সংগীত প্রেমী কণ্ঠৰে নিগৰি আছে। উল্লেখ্য যে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অৰিজিৎ সিঙক ২০২৫ত ভাৰত চৰকাৰে পদ্মশ্রী সম্মান প্রদান কৰে






























