Chirang :
চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা ৰেঞ্জৰ অন্তৰ্গত কৰাইবাৰী বনাঞ্চল এলেকাত গুলীবিদ্ধ বনৰীয়াৰ হাতীৰ মৃতদেহ উদ্ধাৰ । বনৰীয়া হাতীটোক গুলীয়াই হত্যা কৰি চোৰাং চিকাৰীৰ দলে যন্ত্ৰচালিত কৰতেৰে কাটি লৈ গ’ল হাতীৰ দাঁত ।
ADVERTISEMENT
যোৱা ২০/২৩ জানুৱাৰীৰ ভিতৰত বনৰীয়া হাতীটোক গুলীয়াই হত্যা কৰি হাতীৰ দাঁত কাটি লৈ যোৱা বুলি সন্দেহ কৰা হৈছে । কিন্তু সমগ্ৰ বিষয়টো বনবিভাগে সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰখাৰ অভিযোগ উত্থাপিত হৈছে ।
উল্লেখ্য যে ৰুণীখাতা ৰেঞ্জৰ বনাঞ্চলক চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষনা কৰাৰ পিছত এলেকাটোত কেইবাটাও বনৰীয়া হাতীক বিহ মিহলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।




































