Indian Golf Union:
উত্তৰ-পূৰ্বাঞ্চল গ’ল্ফৰ উন্নয়নৰ লগতে প্ৰসাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ইণ্ডিয়ান গ’ল্ফ ইউনিয়নে ৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত গ’ল্ফ ইউনিয়নৰ সচিব শশাংক সান্ধুুৱে কয়,গ’ল্ফ খেলৰ বাবে অন্যতম স্থান হিচাপে বিবেচিত কৰি অহা হৈছে উত্তৰ-পূৰ্বাঞ্চলক ৷ উত্তৰ-পূবত পোনপ্ৰথমবাৰৰ বাবে হ’ব গ’ল্ফ লীগ। যাৰবাবে গ’ল্ফ ইউনিয়নে ইতিমধ্যে অঞ্চলটোৰ চৰকাৰৰ স’তে আলোচনা কৰিছে ৷ এই লীগৰ খেলসমূহ আটাইকেইখন ৰাজ্যতে অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে প্ৰাৰম্ভিক কুজকাৱাজ আৰম্ভ কৰা হৈছে ৷ সংবাদমেলত ইণ্ডিয়ান গ’ল্ফ ইউনিয়নৰ সঞ্চালক বিভূতি ভূষণ আৰু কোষাধ্যক্ষ সঞ্জীৱ ৰতনো উপস্থিত থাকে।
ADVERTISEMENT




































