এইবাৰ ফ্ৰান্সত ১৫ অনূর্ধ্ব বয়সৰ লোকে ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম

an age by age guide for when your kid should get a smartphone

সামাজিক মাধ্যমত বহুল জনপ্ৰিয়তাৰ লগে লগে ইয়াৰ প্ৰভাৱো মানুহৰ মাজত বৃদ্ধি পাইছে। বিশেষকৈ শিশু আৰু কিশোৰৰ মানসিক স্বাস্থ্যক সামাজিক মাধ্যমে ব্যাপক প্রভাৱিত কৰিছে।

অষ্ট্ৰেলিয়াৰ পাছত এইবাৰ ফ্ৰান্সৰ নেচনেল এছেম্বলীয়ে এখন ঐতিহাসিক বিধেয়কত অনুমোদন জনালে। ফ্রান্স চৰকাৰে নতুন বিধেয়কৰ জৰিয়তে দেশখনত ১৫ বছৰৰ অনূর্ধ বয়সৰ কিশোৰৰ বাবে ইণ্টাৰনেট আধাৰিত মিডিয়াৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিলে।

সম্প্ৰতি এই বিষয়ত আয়োজিত ভোটগ্রহণত বিধেয়কখনে ১৩০ ভোট লাভৰে সদনত গৃহীত হৈছিল। ২১ জন সাংসদে বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিছিল। ফ্রান্স চৰকাৰে দেশখনৰ ১৫ বছৰ অনূর্ধ বয়সৰ লোকৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ নিষিদ্ধ কৰিলে।

একেখন বিধেয়কৰ জৰিয়তে হাইস্কুললৈকে অধ্যয়নৰত শিক্ষার্থীক বিদ্যালয়লৈ ম’বাইল ফোন লগত নিয়াৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উল্লেখ্য যে বিশ্বৰ ভিতৰতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে শিশু আৰু কিশোৰৰ সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে কয় যে সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰে শিশু আৰু কিশোৰৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰিছে আৰু শিশুসকলক ইণ্টাৰনেটৰ এনে ক্ষতিৰ পৰা সুৰক্ষিত ৰাখিবলৈ ১৫ বছৰ অনূর্ধ লোকৰ বাবে ফ্রান্সত সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ল।

Exit mobile version