ভাৰততো দ্রুত বৃদ্ধি নীৰৱ ঘাতক এই ৰোগ: ভাৰতত ১.৪৪ কোটি শিশু মেদবহুল

বিশ্বত ১.৮ বিলিয়ন লোক মেদবহুলতাত আক্রান্ত

IMG 20260129 143312

বিশ্বত আজি মেদবহুলতা এক গুৰুতৰ স্বাস্থ্য সমস্যাত পৰিণত হৈছে। পৰিসংখ্যা অনুসৰি বিশ্বজুৰি মুঠ জনসংখ্যাৰ প্ৰায় ৩১ শতাংশ প্রাপ্তবয়স্ক অর্থাৎ প্রায় ১.৮ বিলিয়ন লোক মেদবহুলতাৰ দৰে স্বাস্থ্য সমস্যাত আক্রান্ত হৈছে।

উদ্বেগৰ বিষয়টো হৈছে ২০১০ৰ পৰা ২০২২ৰ সময়ছোৱাত বিশ্বত প্রাপ্তবয়স্কৰ মাজত শাৰীৰিক সক্ৰিয়তাৰ অভাৱ প্রায় পাঁচ শতাংশ বৃদ্ধি পাইছিল আৰু এই ধাৰা অব্যাহত থাকিলে ২০৩০ বর্ষলৈকে শাৰীৰিকভাবে অসক্রিয় লোকৰ সংখ্যা ৩৫ শতাংশলৈকে বৃদ্ধিৰ শংকা আছে।

উল্লেখ্য যে শাৰীৰিক সক্রিয়তাহীনতাৰ ফলত মানৱ দেহত চর্বি আৰু ওজন বৃদ্ধি পায়। মেদবহুলতা বৃদ্ধিৰ ফলত মানুহৰ মাজত হৃদৰোগ, মধুমেহ, ব্রেইনষ্ট্ৰ’ক, কৰ্কট, উচ্চ ৰক্তচাপ আদিৰ সম্ভাৱনা বৃদ্ধি পায়। ভাৰততো মেদবহুলতাৰ সমস্যাই জনস্বাস্থ্যক প্রভাৱিত কৰিছে।

বিগত দুই দশকত ভাৰতত মেদবহুলতাৰ সমস্যাৰ

দ্রুত বৃদ্ধি হৈছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা৫ৰ তথ্য অনুসৰি, ভাৰতত বর্তমানে প্রায় প্রতি চতুর্থজন প্রাপ্তবয়স্ক লোক চর্বি বৃদ্ধিৰ সমস্যাত আক্ৰান্ত হৈছে।

শৰীৰৰ ওজন অত্যধিক বৃদ্ধিৰ ফলত ভাৰতীয়ৰ মাজত মেদবহুলতা এক নীৰৱ ঘাতক হিচাপে পৰিচিত হৈছে। চহৰৰ লগতে গাঁৱতো পুৰুষ আৰু মহিলা সমানে মেদবহুলতাত আক্রান্ত হৈছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতৰ কে’বা কোটি লোক উদৰ বৃদ্ধিৰ লগতে অন্যান্য মেদবহুলতাত আক্রান্ত হোৱাত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাইছে।

সম্প্রতি ভাৰতত ১.৪৪ কোটিৰো অধিক শিশু মেদবহুলতাত ভুগিছে। একেদৰে যোৱা ১৫ বছৰত ভাৰতত মেহবহুলতাত ভোগা লোকৰ সংখ্যা প্রায় দুগুণ বৃদ্ধি পালে।

Exit mobile version