khowang :
ৰাইজে নখ জোকাৰিলে নৈ বয় এই বাক্যশাৰী প্ৰযোজ্য হ’ল খোৱাং সমষ্টিৰ লালমাটি তিনিচুকীয়া গাঁৱৰ ৰাইজৰ ক্ষেত্ৰত।
উল্লেখ্য যে ২৩ জানুৱাৰীৰ সৰস্বতী পূজাৰ দিনটোত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত আৱাসগৃহ ভস্মীভূত হৈ আশ্ৰয়হীন হৈ পৰে খোৱাং সমষ্টিৰ লালমাটি তিনিচুকীয়া গাঁৱৰ কুইন সোনোৱাল নামৰ দুৰ্ভগীয়া মহিলা গৰাকী। কিন্ত এনে সংকটকালত তেওঁৰ কাষত থিয় দিছে গঞা ৰাইজ । ৰাইজ একত্ৰিত হৈ মেৰামতি কৰি দিয়ে মহিলা গৰাকীৰ আৱাসগৃহটো ।
স্বামীহীন মহিলা গৰাকীয়ে পুত্ৰ সন্তানৰ সৈতে শাক-পাচলি ব্যৱসায় কৰি কোনো মতে চলাই আছিল ঘৰখন । সৰস্বতী পূজাৰ দিনা গৃহটো হঠাৎ ভস্মীভূত হৈ পৰাৰে পৰা আশ্ৰয়হীন হৈ পৰিছিল মাতৃ-পুত্ৰ । ৰাইজৰ এই সহৃদয়তা সঁচাকৈয়ে প্ৰশংসনীয় ।
ইফালে কংগ্ৰেছ দলৰ এটা সজাতি দলে দুৰ্ভাগীয়া মাতৃ-পুত্ৰৰ কাষত থিয় দি পুত্ৰ সন্তানটিয়ে পঢ়াশুনা কৰিব পৰাকৈ এখন টেবুলসহ আলমেৰা আৰু এখন চকী প্ৰদান কৰে । সজাতি দলটোৰ আশা পুত্ৰই এদিন মাতৃৰ মুখত হাঁহি বিৰিঙাব ।




































