RTI:✒️চৰকাৰী কাম-কাজত স্বচ্ছতা অনাৰ লক্ষ্যৰে ইউপিএ আমলত প্ৰৱৰ্তন হোৱা RTI (তথ্যৰ অধিকাৰ) আইনত সালসলনিৰ ইংগিত দিলে মোদী চৰকাৰে। বৃহস্পতিবাৰে লোকসভাত দাখিল কৰা অৰ্থনৈতিক সমীক্ষা প্ৰতিবেদনত এই কথা উল্লেখ কৰা হয়।
প্ৰতিবেদন অনুসৰি, অত্যধিক তথ্য প্ৰকাশে প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণত বাধা সৃষ্টি কৰিছে।সমীক্ষাত কোৱা হৈছে— স্বচ্ছতা আৰু জবাবদিহিৰ মূল আত্মা অক্ষুণ্ণ ৰাখিয়েই, প্ৰশাসনিক কাম-কাজত অহেতুক চাপ কমাবলৈ কিছুমান নথি, অভ্যন্তৰীণ আলোচনা আৰু খচৰা প্ৰস্তাৱক RTI আইনৰ আওতাৰ বাহিৰত ৰাখিব পাৰি।
RTI আইনৰ মূল উদ্দেশ্য আছিল স্বচ্ছতা, দায়বদ্ধতা আৰু নাগৰিকৰ অংশগ্ৰহণ নিশ্চিত কৰা। কিন্তু এই আইন অহেতুক কৌতূহল পূৰণ বা বাহিৰৰ পৰা চৰকাৰী কামত প্ৰভাৱ পেলাবলৈ ব্যৱহাৰ কৰা উচিত নহয় বুলিও উল্লেখ কৰা হৈছে।
২০০৫ চনত প্ৰণয়ন হোৱা এই আইনখন পুনৰ বিচাৰ কৰাৰ সময় আহি পৰিছে বুলিও সমীক্ষাত মত প্ৰকাশ কৰা হয়। সকলো খচৰা আৰু আলোচনাৰ তথ্য প্ৰকাশ পোৱাৰ ফলত চৰকাৰী কামৰ গতি ধীৰ হৈছে।
বহু বিষয়ত আলোচনা কৰাৰ সময়ত আধিকাৰিকসকলেও নিজৰ মতামত মুক্তভাৱে ক’বলৈ ভয় পায়।
প্ৰস্তাৱিত সংশোধনী অনুসৰি, চূড়ান্ত সিদ্ধান্তৰ আগতে কৰা সকলো খচৰা, প্ৰস্তাৱ আৰু আলোচনা গোপন ৰখা হ’ব পাৰে, কেৱল চূড়ান্ত সিদ্ধান্তহে RTI যোগে প্ৰকাশ কৰা হ’ব।
লগতে চৰকাৰী আধিকাৰিকৰ ব্যক্তিগত তথ্য, চাকৰিজীৱনৰ নথি, বদলিৰ ইতিহাসো গোপন ৰখাৰ কথা ভাবি চোৱা হৈছে।
অৱশ্যে বিৰোধী দলৰ অভিযোগ— RTI আইনৰ সংশোধনীৰ নামত তথ্যৰ অধিকাৰকেই দুৰ্বল কৰিব বিচাৰিছে চৰকাৰে। এই আইনৰ মূল লক্ষ্য স্বচ্ছতাৰ স’তে মীমাংসা কৰা হৈছে বুলিও তেওঁলোকে দাবী কৰে। নতুন নিয়মত নাগৰিকৰ তথ্য জানাৰ অধিকাৰ সুৰক্ষিত থাকিব নে নাই, তাক লৈ ইতিমধ্যে সন্দেহ উত্থাপিত হৈছে।
