Ghagrapar:
ইতিবাচক চিন্তা আৰু ইতিবাচক পদক্ষেপ অবিহনে সংবাদ ক্ষেত্রখনে সমাজৰ হিতৰ কাৰণে কোনো কাম কৰিব নোৱাৰা।’ এই তাৎপর্যপূর্ণ মন্তব্য জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাৰ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ শ্ৰী শ্ৰীহৰি মন্দিৰ প্ৰাংগনত যোৱা কালি দিনযোৰা কাৰ্যসূচীৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশন,বঁটা প্ৰদান অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভাত অমূল্য কলিতা সাংবাদিক বঁটা গ্ৰহণ কৰি সাংবাদিক কলিতাই সংবাদ জগতখনৰ ৩৩ বছৰৰ অভিজ্ঞতাৰ বিষয়ে সদৰী কৰে ৷
আনহাতে কামিনী তালুকদাৰ “ ঘগ্ৰাপাৰ গৌৰৱ বঁটা“ গ্ৰহণ কৰি ঘগ্ৰাপাৰৰ সুসন্তান জ্যেষ্ঠ চিকিৎসক ডাঃ দিলীপ কলিতাই মই ঘগ্ৰাপাৰক লৈ গৌৰৱ কৰোঁ ৷ আজি মোক ঘগ্ৰাপাৰ গৌৰৱ বঁটা প্ৰদান কৰাত মৰম আৰু আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি আনন্দিত হৈছোঁ বুলি মন্তব্য কৰে ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশনত পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন,সতীৰ্থ সাংবাদিক সকললৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,শ্বহীদ তৰ্পণ, মাল্যাৰ্পণ আদি ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পিছত প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশন মুকলি সভা অনুষ্ঠিত হয় ।
ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাতুল ডেকাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সভাপতি ফাইজুৰ ৰহমানে। ইয়াৰ পিছত বিশিষ্ট সাংবাদিক নৰেশ কলিতালৈ “অমূল্য কলিতা সাংবাদিক বঁটা” আৰু বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কলিতালৈ “কামিনী তালুকদাৰ ঘগ্ৰাপাৰ গৌৰৱ বঁটা” প্ৰদান কৰা হয়। ইয়াৰ পিছত অমূল্য কলিতা সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে।সভাখনত উপস্থিত থাকে ’প্ৰতিবিম্ব লাইভ’ৰ পৰিচালন সঞ্চালক তফিকউদ্দিন আহমেদ,অগপ নেতা গৌৰী দাস,বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য ডিম্বেশ্বৰ বেজবৰুৱাকে প্ৰমুখ্য কৰি ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বিষয় ববীয়া সকল। সন্ধিয়া অনুষ্ঠিত বিষয় বাচনি সভাত ৰাতুল চন্দ্ৰ ডেকাক সভাপতি,কাৰ্যকৰী সভাপতি হামিদ আলী আৰু জগত তালুকদাৰ, দ্বিজেন ডেকা আৰু ত্ৰিদিপ কলিতাক যুটীয়াভাৱে সম্পাদক, হিচাপে লৈ ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ এখন ১৭ জনীয়া সমিতি গঠন কৰা হয় ।




































