Indonesia:
ইণ্ডোনেছিয়াৰ আচে প্ৰদেশত শ্বৰিয়ত আইন অনুসৰি এগৰাকী মহিলাক বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱা আৰু সুৰাপানৰ অপৰাধত ৰাজহুৱা স্থানত ১৪০ বেত্রাঘাতৰ শাস্তি বিহা হ’ল। এই শাস্তি ইমানে ভয়াৱহ আছিল যে বেত্রাঘাতৰ মাজতে যন্ত্রণাত ককবকাই মহিলাগৰাকী বেহুচ হৈছিল।
আচে প্ৰদেশত এগৰাকী মহিলা আৰু এজন পুৰুষক বিবাহ অবিহনে যৌন সম্পর্কত লিপ্ত হোৱা আৰু সুৰাপান কৰাৰ অভিযোগত শ্বৰিয়ত আদালতে দোষী সাব্যস্ত কৰি ৰাজহুৱা স্থানত ১৪০ বাৰ বেত্রাঘাতৰ নিৰ্দেশ দিছিল। আদালতে বিবাহ বহির্ভূত যৌন সম্পৰ্কৰ বাবে ১০০ বাৰ আৰু সুৰাপানৰ বাবে ৪০ বাৰ বেত্রাঘাতৰ নিৰ্দেশ দিছিল। উল্লেখ্য যে ইণ্ডোনেছিয়াৰ আচেত শ্বৰিয়ত আইন প্রচলিত আৰু এই আইন অনুসৰি জুৱা খেল, সুৰাপান, বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক আৰু সমকামিতা নিষিদ্ধ।




































