Tragic road accident in Sribhumi:
শনিবাৰে পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গ’ল ৰাজ্য I বৰাক উপত্যকাৰ শ্রীভূমিৰ শ্ৰীগৌৰীত ভয়ংকৰ পথ দুর্ঘটনা । ডাম্পাৰ আৰু যাত্রীবাহী ট্রেভেলাৰৰ মুখামুখি সংঘর্ষৰ ফলত থিতাতে প্ৰাণ গ’ল ৪ জনৰ আৰু গুৰুতৰভাৱে আহত হয় ১৭জনৰ ৷
শ্ৰীগৌৰীৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত হোজাইৰ পৰা ৰাজাবজাৰলৈ অহা যাত্ৰীবাহী ট্রেভেলাৰখনত বিপৰীত দিশৰ পৰা অহা ডাম্পাৰ এখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ ডাম্পাৰৰ প্ৰচণ্ড ট্ৰেভেলাৰ খন পথৰ দাঁতিত বাগৰি পৰে। ফলত ঘটনাস্থলীত কৰুণ মৃত্যুক সাবটি হয় ডাম্পাৰ খনৰ চালক সহ ট্রেভেলাৰখনৰ তিনিজন যাত্ৰী । আনহাতে গুৰুতৰভাৱে আহত হয় ট্রেভেলাৰখনৰ ১৭ গৰাকীকৈ যাত্ৰী। আহত সকলোকে ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ ৷ মৃত চাৰিজনৰ দুজনক চিনাক্ত কৰা হৈছে। তেওঁলোক হ’ল নিৰোদ দাস আৰু তপন বিশ্বাস I উল্লেখ্য যে ট্রেভেলাৰখনৰ আটাইকেই গৰাকী যাত্ৰী আছিল হোজাই । তেওঁলোকে ৰাজাবজাৰ কীৰ্তনত অংশ ল’বলৈ আহিছিল।




































