দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত

IMG 20260201 154510

দেশৰ সৰ্ববৃহৎ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগম চমুকৈ এলআইচিয়ে নাগৰিকৰ সুবিধার্থে বজাৰত এখন বিশেষ আঁচনি মুকলি কৰিছে। এই আঁচনিখনৰ নাম হৈছে এলআইচি জীবন প্রগতি পলিচী (LIC Jeevan Pragati Policy)

কোনে বিনিয়োগ কৰিব পাৰে?

ভাৰতৰ যিকোনো নাগৰিকে এই আঁচনিখনত বিনিয়োগ কৰিব পাৰে। ১২ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়ে এই আঁচনিখনত অৰিহণা যোগাব পাৰে। কিন্তু যিসকলৰ বয়স ১৮ বছৰতকৈ কম আৰু নিজা কোনো স্থায়ী উপার্জন নাই, তেওঁলোকে নিজে এই আঁচনিখনত বিনিয়োগ কৰিব নোৱাৰে।

তেওঁলোকৰ হৈ অভিভাৱকসকলে এই আঁচনিত ধন জমা কৰিব পাৰে। আঁচনিখনত সর্বাধিক ৪৫ বছৰ বয়স পর্যন্ত বিনিয়োগ কৰিব পাৰি। বিনিয়োগৰ সময়সীমা ১২ বছৰ যদিও ২০ বছৰলৈ এই আঁচনিৰ সুবিধা ল’ব পৰা যায়। বিশেষ আৱৰণ:

এই আঁচনিত কেতবোৰ বিশেষ সুবিধা আছে। আঁচনিখনত নিয়মীয়াকৈ প্রিমিয়াম দি থাকিলে ডেথ বেনিফিট লাভ কৰিব পাৰি। মনকৰিবলগীয়া যে প্রতি পাঁচ বছৰৰ মূৰে মূৰে এই সুবিধা বৃদ্ধি পায়। কিন্তু ইয়াত এটা চর্ত আছে। এই ডেথ বেনিফিট নিৰ্ভৰ কৰে পলিচীখন কিমান বছৰ সক্রিয় হৈ আছে তাৰ ওপৰত।

অর্থাৎ এই আঁচনিখনত গ্রাহকজনে নিয়মীয়াকৈ প্রিমিয়াম দি থাকিবই লাগিব। তাৰ ওপৰত ভিত্তি কৰিহে পলিচীধাৰীৰ মৃত্যুৰ পাছত কিমান ডেথ বেনিফিট দিয়া হ’ব তাক নির্ধাৰণ কৰা হয়। এলআইচি জীবন প্রগতি পলিচীত এজন বিনিয়োগকাৰীয়ে কিমান বছৰ ধৰি বিনিয়োগ কৰি আছে সেই বিষয়টো অত্যন্ত গুৰুত্বপূর্ণ।

বৰ্তমানে চলি থকা নিয়ম অনুসৰি, বিনিয়োগৰ সময় ছয়ৰ-১০ বছৰ হ’লে ১২৫ শতাংশ, ১১-১৫ বছৰ হ’লে ১৫০ শতাংশ আৰু ১৬-২০ বছৰ হ’লে ২০০ শতাংশৰ বেনিফিট পায় বিনিয়োগকাৰীয়ে।

Exit mobile version