বানৰ সোঁতে জীৱন সলাই দিলে সাতজন সাধাৰণ ভাৰতীয়ৰ। ২০২৩ চনৰ বানৰ সময়ত পশু বচাবলৈ গৈ ভুলতে সীমান্ত পাৰ হৈ পাকিস্তানত সোমাই পৰিছিল তেওঁলোক। তাৰ পাছতে আৰম্ভ হৈছিল ভয়ংকৰ অধ্যায়—পাকিস্তানী জেলত তিন বছৰ ধৰি বন্দিত্ব।
আজি পুৱা অৱশেষত আহিল সুখবৰ। পঞ্জাবৰ অটাৰী সীমান্তত পাক ৰেঞ্জাৰ্ছৰ পৰা বিএছএফৰ হাতত হস্তান্তৰ কৰা হয় সাতজন ভাৰতীয়। মুক্তিপ্ৰাপ্তসকলৰ ভিতৰত চাৰি জন ফিৰোজপুৰৰ, এজনকৈ জালন্ধৰ আৰু লুধিয়ানাৰ, আৰু এজন উত্তৰ প্ৰদেশৰ বাসিন্দা।
মুক্তিপ্ৰাপ্ত এজনৰ ভাষ্য, বানৰ সোঁত ইমানেই প্ৰবল আছিল যে কেতিয়া সীমান্ত পাৰ কৰিলোঁ সেয়া বুজিবই পৰা নাছিল। সহায় বিচাৰি পাকিস্তানৰ এখন ঘৰত আশ্ৰয় লওঁতে ভাৰতীয় সেনাৰ ওচৰলৈ পঠিয়াবলৈ অনুৰোধ কৰিছিল যদিও স্থানীয় লোকে ওলোটাই পাকিস্তানী সেনাক খবৰ দিয়ে। তাৰ পাছতে মুখ ঢাকি টানি লৈ যোৱা হয় পাক ৰেঞ্জাৰ্ছৰ ওচৰলৈ, আৰু তাৰ পাছতে কাৰাগাৰ।
কাৰাগাৰ জীৱনৰ স্মৃতি এতিয়াও তেওঁলোকৰ চকুত আতংক হৈ ৰৈছে। অন্ধকাৰ কোঠাত বন্দি কৰি ৰাখি মাজে মাজে মাৰধৰ কৰা হৈছিল বুলি অভিযোগ কৰে তেওঁলোকে। অৱশেষে ভাৰত চৰকাৰৰ কূটনৈতিক হস্তক্ষেপত মুকলি হয় মুক্তিৰ দুৱাৰ।
ঘৰত উভতি আহি কৃতজ্ঞতাৰ স’তে তেওঁলোকে কয়,“চৰকাৰ সময়মতে পদক্ষেপ নোলোৱা হ’লে হয়তো আমি আজিও ঘৰলৈ উভতিব নোৱাৰিলোঁহেঁতেন।”
