পাকিস্তান আৰু চিনৰ দৰে দেশৰ পৰা অহা নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ পটভূমিত ভাৰত চৰকাৰে সামৰিক ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে।
যোৱা বছৰৰ সংঘাতৰ পাছত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা নৱম বাজেটত প্ৰতিৰক্ষা বিভাগৰ বাবে অভূতপূৰ্ব আবণ্টন ঘোষণা কৰা হৈছে।
২০২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত সামৰিক বিভাগত ৭.৮৫ লাখ কোটি টকা আবণ্টন কৰা হৈছে, যি দেশৰ ইতিহাসতে সৰ্বাধিক। পূৰ্বৱৰ্তী বৰ্ষত এই বিভাগত ৬.৮১ লাখ কোটি টকা ব্যয় হৈছিল।
ফলত এবছৰৰ ভিতৰতেই সামৰিক বাজেট প্ৰায় ১৫ শতাংশ বৃদ্ধি পালে।
উল্লেখযোগ্য যে, বাজেট ভাষণত সামৰিক বিভাগত এই বৃহৎ বৃদ্ধি বিষয়ে বিত্তমন্ত্ৰীয়ে কোনো বিশেষ উল্লেখ নকৰিলে। তথাপিও এই আবণ্টনে স্পষ্ট সংকেত দিয়ে যে, সীমান্ত সুৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ চৰকাৰ সম্পূৰ্ণৰূপে সচেতন আৰু দৃঢ় পদক্ষেপ ল’বলৈ আগবাঢ়িছে।
