Pakistan :
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিলম্বিত হ’ব পাৰে পাকিস্তান । টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত লৈছিল পাকিস্তানে ৷
আইচিচিক নজনোৱাকৈ পাকিস্তান ক্রিকেট বর্ডে ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত লৈছিল। পাকিস্তান চৰকাৰে পাকিস্তান ক্রিকেট দলক টি-২০ বিশ্বকাপ খেলাৰ অনুমতি দিছে ।কিন্তু ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নিদিয়ে পাক চৰকাৰে ৷
উল্লেখ্য যে বিগত কিছুদিনৰ অনিশ্চয়তাৰ পাছত পাকিস্তান চৰকাৰে দেওবাৰে ঘোষণা কৰে যে ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মেচখনত তেওঁলোকৰ দলে অংশগ্রহণ নকৰে। অৱশ্যে বিশ্বকাপৰ আন খেলসমূহত পাকিস্তানে খেলিব। এইবাৰ সেই সিদ্ধান্তৰ কথা পাক চৰকাৰে আইচিচিক অৱগত কৰিব ৷ নির্বাসনৰ পৰা হাত সৰাৰ লক্ষ্যৰেই পাকিস্তানে এই অৱস্থান গ্রহণ কৰিছে। অৱশ্যে ভাৰতৰ বিপক্ষে নেখেলিলেও পাকিস্তান শাস্তিৰ সন্মুখীন হ’ব পাৰে।
উল্লেখ্য যে বাংলাদেশক প্রতিযোগিতাৰ পৰা বাদ দিয়াৰ পাছবে পৰা পাকিস্তান সৰৱ হৈ আছে। দেশখনৰ ক্রিকেট ব’র্ডে আনকি টি-২০ বিশ্বকাপ বৰ্জনৰো হুংকাৰ দিছিল। সেয়া হ’লে পাকিস্তান বিশ্ব ক্রিকেটত নির্বাসনৰ সম্মুখীন হোৱাৰো সম্ভাৱনা আছিল। যদিও আইচিচিয়ে পাকিস্তানৰ হুমকিত কোনো গুৰুত্ব নিদিয়াত দেশখনৰ চৰকাৰে এতিয়া ‘সাপো মৰক, লাঠিও নাভাঙক’ স্থিতি লৈছে।
অৱশ্যে ইয়াতো পাকিস্তানৰ শাস্তি হ’ব পাৰে। দলটোৰ পইন্ট কৰ্তন হ’ব পাৰে। লগতে আন শক্তিও আৰোপ কৰিব পাৰে আইচিচিয়ে। কাৰণ এই সিদ্ধান্তৰে পাকিস্তানে আইচিচিৰ স’তে কৰা হাইব্রীড চুক্তি ভংগ কৰিছে। যোৱা বছৰ ভাৰতে পাকিস্তানৰ মাটিত চেম্পিয়নছ টুফী খেলিবলৈ অমান্তি হৈছিল। ফলত ভাৰতৰ খেলসমূহ ডুবাইত অনুষ্ঠিত কৰা হয়। তেতিয়াই চুক্তি হয় যে ২০২৭পর্যন্ত কোনো আইচিচি প্রতিযোগিতাত খেলিবলৈ ভাৰতলৈ নাহে পাকিস্তান। এইবাব পাকিস্তানৰ খেলসমূহ শ্রীলংকাত হ’ব যদিও দেশখনে ভাৰতৰ স’তে নেখেলাৰ সিদ্ধান্ত ল’লে।
লক্ষ্যণীয়ভাবে গ্রুপ মেচত নেখেলিলেও ছুপাৰ ছিক্সত প্ৰৱেশ কৰাত পাকিস্তানৰ বিশেষ কষ্ট নহ’ব। কিয়নো ভাৰত আৰু পাকিস্তানৰ বাহিৰে ‘এ’ গ্ৰুপত থকা আন দলসমূহ হৈছে আমেৰিকা, নেদাৰলেণ্ড আৰু নামিবিয়া। যদিও পৰৱৰ্তী বাউণ্ডত পুনৰ ভাৰত-পাকিস্তান মেচ হোৱাৰ সম্ভাৱনা আছে। সেইখন মেচো বৰ্জন কৰিলে পাকিস্তানৰ বাবে ছেমি ফাইনেলত প্রৱেশ কৰাটো কষ্টকৰ হৈ পৰিব। কিয়নো তেতিয়া শক্তিশালী দলৰ মাজত প্রতিদ্বন্দ্বিতা হ’ব।
