Gaurav Gogoi:
বিজেপিক ৰুধিবৰ বাবে তিনি গগৈয়ে একলগ হোৱাৰ দিশে আগবাঢ়িত ৷ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ,অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ একলগ হোৱাটো বিৰোধী দল সমূহে বিচাৰি আছিল ৷ বিশেষকৈ বিগ বাডাৰ হিচাপে কংগ্ৰেছে অজাপ আৰু ৰাইজৰ দলক তেওঁলোকে দাবী কৰা অনুসৰি ১৫ খন আসন দিবলৈ ৰাজী নাছিল ৷ কিন্ত বিজেপিক ভেঁটা দিবৰ বাবে গৌৰৱ গগৈয়ে আলোচনাৰ বাট মুকলি কৰি সোমবাৰে সুকীয়া সুকীয়াকৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ স’তে এক বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত দুই গগৈয়ে তেওঁলোকৰ মিত্ৰতা চুড়ান্ত বুলি দাবী কৰে ৷ ৰাইজৰ দলক ৮ আৰু অজাপক ৯ আসন দিয়াৰ প্ৰস্তাৱ কংগ্ৰেছৰ ৷ উল্লেখ্য যে, দুয়োটা দলে ১৫ খনকৈ আসন দাবী কৰিছিল ৷ কিন্ত বিজেপিক পৰাস্ত কৰাৰ খাতিৰত
লুৰিণ আৰু অখিল গগৈয়ে এৰাধৰা কৰিবলৈ সাজু ৷
আনহাতে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে গৌৰৱ গগৈৰে হোৱা আলোচনা ইতিবাচক বুলি কয় ৷ আসন বুজাপৰাৰ ক্ষেত্ৰত বহুদিনৰে কৰা কংগ্ৰেছৰ স’তে আমাৰ আলোচনা চলি আছিল । শেহতীয়াকৈ হোৱা আলোচনাই আন এক গতি লাভ কৰিলে ৷ অসমৰ ৰাইজে আশা কৰা ধৰণে এইবাৰ বিজেপিৰ দিছপুৰৰ মচনদৰ পৰা আঁতৰোৱাৰ স্বাৰ্থত আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ম ।
ইফালে কংগ্ৰেছে মিত্ৰতা সন্দৰ্ভত অখিল গগৈয়ে কয়,ৰাইজৰ দলে ১৫ খন আসন বিচাৰিছো যদিও এতিয়া আলোচনাৰ টেবুলত সেয়া কিছু কমিব ৷ তথাপিও আমি মিত্ৰতাপাশত আবদ্ধ হৈ বিজেপিক উৎখাত কৰিম ৷ আমাৰ আলোচনা যোগাত্মক ৷ মাত্ৰ আনুষ্ঠানিকতা বাকী ৷ আমিবোৰ একলগ হ’লে এইবাৰ উফৰিব ড:হিমন্ত বিশ্ব শৰ্মা।
ইপিনে তিনি গগৈৰ ঐক্যবদ্ধ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয় তিনি গগৈ একলগ হোৱা মানে বিজেপি বিজয়ী দিশে এখোজ আগুৱাই যোৱা ৷ তেওঁ লোকৰ চৰকাৰ হ’ব পাকিস্তান কিম্বা বাংলাদেশত। পাঁচশ বছৰৰ পাছতো অখিল গগৈৰ চৰকাৰ নাহে। তিনি গগৈ একলগ হৈ মোক গালিশপনি পাৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷ ফলাফল কি হ’ব সেয়া গ’ম পাব ফলাফলৰ দিনা । পৰাজয়ৰ হেডট্ৰিক হ’ব লুৰিণজ্যোতি গগৈৰ ৷ ৰ’ণত পৰিব অখিল গগৈ।




































