বিজনীত আটক ভুৱা চিকিৎসক 

images 1 1

বিজনীত আটক মুন্না ভাই MBBS খ্যাত বৰপেটাৰ আফচাৰ আলী আৰু কাজল চেটাৰ্জী নামৰ দুজন ভুৱা চিকিৎসক।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতৃত্বত আৰু সাৰাগাঁওবাসী ৰাইজৰ সহযোগত বিজনীৰ আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসক দুগৰাকীক।

বিজনীৰ সাৰাগাঁৱত কয়লা ময়লাৰ নিউ হৰিজন নামৰ স্বেচ্ছাসেৱী সংস্থা এটাৰ সহযোগত চকুৰ চিকিৎসা শিবিৰ স্থাপন কৰি ৰোগীৰ পৰা এহেজাৰ,বাৰশ টকা লৈ চকুৰ চিকিৎসা চিকিৎসা চলাই গৈছিল অনুজ্ঞা পত্ৰ বিহীন ভাৱে।

ইয়াৰ আগতে বিজনীৰ বিভিন্ন ঠাইত স্বেচ্ছাসেৱী সংস্থাটোৰ সহযোগত চিকিৎসা শিবিৰ চলাই লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে ভুৱা চিকিৎসকৰ দলটোৰ বিৰুদ্ধে।

এনে পৰিপ্ৰেক্ষিতত এনে ভুৱা চিকিৎসকৰ পৰা ৰাইজক সতৰ্ক হ’বলৈ অনুৰোধ বিজেপিৰ যুৱ নেতা ৰাকেশ দাসৰ।

 

 

Exit mobile version