ইছলামাবাদত মছজিদৰ বাহিৰত আত্মঘাতী বিস্ফোৰণ

নিহত ৬৯, ভাৰতক দোষাৰোপ পাকিস্তানৰ

Untitled 3 5

Islamabad Mosque Blast:✒️পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ শেহজাদ অঞ্চলস্থিত তৰলাই ইমামবাৰগা মছজিদৰ গেটত ভয়ংকৰ আত্মঘাতী বিস্ফোৰণ সংঘটিত হয়। এই মৰ্মান্তিক ঘটনাত এতিয়ালৈকে ৬৯ জন নিহত আৰু অন্তত ১৬৯ জন আহত হয়।

তথ্য অনুসৰি, বহু লোক নামাজৰ বাবে মছজিদত সমবেত হোৱা সময়তে আক্ৰমণকাৰীজন ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। নিৰাপত্তা বাহিনীয়ে তেওঁক গেটতে ৰখোৱা সময়তে বিস্ফোৰণ সংঘটিত হয়। ঘটনাৰ পাছতেই সমগ্ৰ চহৰত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে।

এই ঘটনাক লৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মহম্মদ আচিফে ভাৰত আৰু আফগানিস্তানৰ ওপৰত দোষাৰোপ কৰি দাবী কৰে যে এই আক্ৰমণৰ নেপথ্যত দুয়োখন দেশৰ ষড়যন্ত্ৰ আছে।

কিন্তু ভাৰতে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি খাৰিজ কৰিছে। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এই ঘটনাক তীব্ৰ নিন্দা জনাই কয় যে পাকিস্তানে নিজৰ সমস্যাসমূহ সমাধান কৰাৰ পৰিৱৰ্তে আনক দোষাৰোপ কৰি আহিছে।

একেদৰে আফগানিস্তানৰ তালিবান চৰকাৰেও পাকিস্তানৰ অভিযোগক ‘দায়িত্বজ্ঞানহীন’ বুলি অভিহিত কৰিছে।

ঘটনাটোৰ সম্পূৰ্ণ তদন্ত এতিয়াও চলি আছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি আন্তর্জাতিক দোষাৰোপৰ ৰাজনীতি তীব্ৰ হৈ উঠিছে।

Exit mobile version