ৰাজহুৱা স্থানত পাৰ চৰাইক খাদ্যৰ যোগান ধৰি জৰিমনা ভৰিব লগা হ’ল এগৰাকী বৃদ্ধাই। ছিংগাপুৰত চন্মুগমনাথন শমলা নামৰ ৭১ বছৰীয়া ভাৰতীয় মহিলাক আদালতে ৰাজহুৱা স্থানত পাৰক খাদ্য যোগান ধৰাৰ অভিযোগত দোষী সাব্যস্ত কৰি ৩২০০ ছিংগাপুৰৰ ডলাৰ অৰ্থাৎ ২.৫ লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ দিলে।
আদালতৰ অভিযোগ অনুসৰি ছিংগাপুৰৰ ত’ৱা পায়’হ অঞ্চলত ছমাহৰ ভিতৰত শমলাই নবাৰ পাৰক খাদ্যৰ যোগান ধৰিছিল। পূর্বে এনে কার্যত লিপ্ত হোৱাৰ কাৰণত শমলাক প্রথমে সকীয়নি আৰু ইয়াৰ পাছত শাস্তি বিহা হৈছিল।
কিন্তু ইয়াৰ পাছতো শমলাই পাৰক খাদ্য যোগান ধৰি ছিংগাপুৰত বন্যপ্রাণী আইন ভংগ কৰিছিল। ২০২৫ৰ মে’ত পাৰক খাদ্য খাবলৈ দিয়াৰ আন এক গোচৰত শমলাক আদালতে ১২০০ ছিংগাপুৰৰ ডলাৰৰ জৰিমনা বিহিছিল।
সেই সময়ত তেওঁ আদালতক প্রতিশ্রুতি দিছিল যে ভবিষ্যতে তেওঁ এনে কর্মত লিপ্ত নহয়। কিন্তু ইয়াৰ পাছতো জুলাই ২০২৫ৰ পৰা জানুৱাৰীত ২০২৬ৰ সময়ছোৱাত শমলাই একাধিকবাৰ পাৰক খাদ্যৰ যোগান ধৰিছিল। বন্যপ্ৰাণীৰ আইন অনুসৰি, ছিংগাপুৰত ৰাজহুৱা স্থানত পাৰক খাদ্য যোগান ধৰাটো নিষিদ্ধ।
