Khanapara:
মহানগৰীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তজাৰ্তিক কলা মন্দিৰত শনিবাৰে আত্মনিৰ্ভৰ অসম ২.০ৰ ধনৰাশি বিতৰণ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই। কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বাবে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে দুয়োখন জিনাৰ ৫,৫৭২ গৰাকী যুৱ উদ্যোগীলৈ চৰকাৰৰ চেক বিতৰণ কৰে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,আজি ৰাজ্যত উদ্যমিতা বৃদ্ধি কৰাৰ দিশত আমাৰ প্ৰচেষ্টাত আৰু এক গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াবলৈ পাই আনন্দিত হৈছোঁ৷ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৭৪,০০০ৰো অধিক যুৱক-যুৱতীক ব্যৱসায় আৰম্ভ বা সম্প্ৰসাৰণ কৰাৰ বাবে ১,৪৮২ কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে, যাতে তেওঁলোকে অসমৰ অৰ্থনীতিক আগুৱাই লৈ যাবলৈ সক্ষম হয়৷ এই মহৎ আঁচনিৰ জৰিয়তে আমি ১ লাখ যুৱক-যুৱতীক উদ্যোগী হিচাপে গঢ়ি তোলাৰ বাবে সহায় আগবঢ়োৱাৰ লক্ষ্য লৈছিলোঁ। এয়া আছিল ১ লাখ চৰকাৰী চাকৰি প্ৰদান আৰু ১ লাখ উদ্যোগী সৃষ্টি কৰাৰ আমাৰ পৰিকল্পনাৰ বিশেষ অংশ।
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰাৰ পাছত আজিৰ দিনটোত যুৱ সমাজক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্য সফলভাৱে সম্পূৰ্ণ হ’ল, যাৰ ফলত আমাৰ উদ্যোগী যুৱ সমাজে এক বৃহৎ সকাহ লাভ কৰিছে। আমি সম্পূৰ্ণৰূপে বিশ্বাসী যে ইয়াৰ জৰিয়তে আমাৰ চৰকাৰে বহুলাংশে নিবনুৱা সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব৷ জনাবলৈ পাই সুখী হৈছোঁ যে এনে বৃহৎ পৰিমাণৰ পুঁজিৰে যুৱ শক্তিক পোনপটীয়াকৈ সহায় কৰাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এতিয়ালৈকে কোনো ৰাজ্যই এনে বিনিয়োগ কৰা নাই৷ আমি কথা দিছোঁ অসমৰ প্ৰতিজন লোকৰ বাবে অনাগত সময়ত আৰু অধিক প্ৰচেষ্টা গ্ৰহণ কৰিম ৷
অনুষ্ঠানত উপস্থিত থাকে উদ্যোগ মন্ত্ৰী মন্ত্ৰী বিমল বৰা,মন্ত্ৰী যোগেন মহন,বিধায়কত্ৰয় অতুল বৰা ৰমেন্দ্ৰ নাৰায়ণ কলিতা,সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু মুখ্যসচিব ড:ৰবি কোটা আৰু মেয়ৰ মৃগেন শৰণীয়া সহ জ্যেষ্ঠ বিষয়াবৰ্গ ৷
উল্লেখ্য যে সাধাৰণ শাখাত লাভ কৰিব ২ লাখকৈ টকা ৷ একেদৰে বৃত্তিগত শাখাত লাভ কৰিব ৫ লাখকৈ টকা ৷ আনহাতে প্রথম পর্যায়ত হিতাধিকাৰীয়ে পাব ৭৫ হাজাৰ টকা ৷ প্ৰথম কিস্তি দিয়াৰ পাছত দিয়া হ’ব ৩ দিনৰ প্ৰশিক্ষণ। প্ৰশিক্ষণৰ অন্তত চুক্তি কৰি দিয়া হ’ব ২৫ হাজাৰ টকাকৈ। নিজৰ কাম ভালদৰে কৰা সকলে পুনৰ পাব ১ লাখ টকা । উল্লেখ্য যে পৰৱৰ্তী সময়ত ৰাজ্যৰ ৭৪,০৩৬ গৰাকী যুৱ উদ্যোগীয়ে লাভ কৰিব এই আঁচনি ।




































