মুম্বাই বস্তি পুনৰ উন্নয়ন নীতিৰ আধাৰত নির্মাণ

দেশৰ সবাতোকৈ ওখ নির্মাণ সম্পূর্ণ অট্টালিকাত পৰিণত মিনেৰ্ভা টাৱাৰ

IMG 20260208 162624

Minerva Tower:✒️দেশত বর্তমানলৈ নির্মাণ সম্পূর্ণ হোৱা অট্টালিকাসমূহৰ মাজত সবাতোকৈ ওখ অট্টালিকাৰ স্বীকৃতি অর্জন কৰিছে মুম্বাইৰ মিনের্ভা টাৱাৰে। মুম্বাই বস্তি পুনৰ উন্নয়ন নীতিৰ আধাৰত স্থপতিবিদ হাফিজ কন্ট্রেক্টৰৰ নক্সাৰ আধাৰত নিৰ্মাণ কৰি উলিওৱা এই মিনেৰ্ভা টাৱাৰৰ উচ্চতা হৈছে ৩০১ মিটাৰ।

এই গগনচুম্বী অট্টালিকা ৯১ মহলযুক্ত। অট্টালিকাটোত ৩৬২ টা বাণিজ্যিক এপার্টমেন্ট আছে। এই অট্টালিকাই ২.৬ হেক্টৰ ভূমিক আগুৰি লৈছে। পূর্বে এই ভূমিত অনানুষ্ঠানিক বসতি আছিল। মুম্বাইৰ বস্তি পুনৰ নীতিৰ স’তে তাল মিলাই এই অট্টালিকা নিৰ্মাণ কৰি উলিওৱা হৈছে।

উল্লেখ্য যে এই বস্তি পুনৰ উন্নয়ন নীতি ৰূপায়ণ চোৱা চিতাৰ বাবে এক চৰকাৰী বস্তি পুনৰ সংস্থাপন কর্তৃপক্ষও গঠন কৰা হৈছে। পূর্বে এই বস্তি অঞ্চলত বাস কৰা লোকসকলক নতুন অট্টালিকা প্ৰদান কৰা হ’ব। এই উদ্দেশ্যে সমগ্র বস্তি অঞ্চলত ১০ টা নতুন গগনচুম্বী অট্টালিকা নিৰ্মাণ কৰা হৈছে।

মিনের্ভা টাৱাৰ সম্পৰ্কত হাফিজ কন্ট্রেক্টৰে কয়, ‘যেতিয়া কোনোবাই অট্টালিকাটোৰ ফটো তোলে বা এই অট্টালিকা সমগ্র দেশৰ ভিতৰতে সর্বোচ্চ উচ্চতাৰ অট্টালিকা বুলি জ্ঞাত হয়। তেতিয়া তেনে এজন ব্যক্তিৰ মনলৈ প্রাথমিকভাবে ধাৰণা আহে যে এই অট্টালিকাৰ এপার্টসমূহ বিক্ৰীৰ বাবে নিৰ্মাণ কৰা হৈছে। কিন্তু প্রকৃততে কথাটো সেয়া নহয়। পূর্বে এই ২.৬ হেক্টৰ ভূমিত বাস কৰা বস্তিৰ লোকসকলক প্রথমে এই অট্টালিকাত স্থায়ীভাবে পুনৰ সংস্থাপন কৰা হ’ব। ইয়াৰ দুই হেক্টৰ ভূমিত স্কুল, দোকান-পোহাৰ তথা সামূহিক প্রতিষ্ঠান থাকিব।’

সামাজিক দায়বদ্ধতাৰ খাতিৰত এই সুউচ্চ টাৱাৰ নিৰ্মাণ কৰা হৈছে বুলিও কন্ট্রেক্টৰে জনায়। পূৰ্বৰ বস্তি অঞ্চলৰ বাসিন্দাসকলৰ টাৱাৰটোক পুনৰ সংস্থাপন দিয়াৰ পাছত বাকী থকা অংশহে বিক্ৰী কৰা হ’ব বুলিও তেওঁ সদৰী কৰে। এই সম্পর্কত তেওঁ আৰু কয় যে অট্টালিকাটোৰ নক্সা আৰু নির্মাণ সম্পূর্ণ হোৱাটোৱে সূচায় যে এই অট্টালিকাই দেশৰ সবাতোকৈ ওখ অট্টালিকা।

এই গগনচুম্বী অট্টালিকা নিৰ্মাণৰ আঁৰত বাধ্যবাধকতাহে আছিল বুলিও তেওঁ ইংগিত দিয়ে গতিকে আন কাৰোবাৰ স’তে প্রতিদ্বন্দ্বিতা কৰি এই অট্টালিকাৰ নির্মাণ হোৱা নাই। এই সম্পর্কত স্থপতিবিদজনে লগতে কয়, ‘ভাৰতত ওখকৈ ঘৰ নিৰ্মাণ গৰ্বৰ বিষয়ৰূপে লোৱাটো বিৰল ঘটনা।এনে কার্য সম্পাদন কৰাৰ কাৰণ সাধাৰণতে আর্থিক আৰু নিয়ন্ত্রক ব্যৱস্থাৰ ফল হয়। বিশেষকৈ মুম্বাইত বস্তিৰ বাসিন্দাক পুনৰ সংস্থাপন দি ভূমি যোগাৰ কৰা হয়।’

এই মিনেৰ্ভা টাৱাৰ এক যুগ্ম টাৱাৰ। ইয়াক এক মঞ্চৰ জৰিয়তে একত্ৰ কৰা হৈছে। টাৱাৰটোত নিৰৱচ্ছিন্ন বক্ৰ বাৰাণ্ডা আৰু গভীৰভাৱে স্থাপিত বেলকনি আছে। এই অট্টালিকা প্রাথমিকভাৱে চিমেন্ট- বালিৰে নিৰ্মাণ কৰা হৈছে। স্থপতিবিদ কন্ট্রেক্টৰে জনোৱা মতে আৰৱ সাগৰ আৰু মহালক্ষ্মী ৰেচক’ৰ্ছৰ সেউজ বননিৰ সৌন্দর্য এই অট্টালিকাৰ পৰা উপভোগ কৰিব পৰা হ’ব।

উল্লেখ্য যে দেশত এনে আৰু এটা সুউচ্চ অট্টালিকা আছে। এই দ্বিতীয়টো গগনচুম্বী অট্টালিকা শেহতীয়াভাৱে মুম্বাইতে নির্মাণ হৈ উঠিছে। এই সুউচ্চ অট্টালিকাত এটা এপার্টমেন্ট আছে। এই অট্টালিকা গুলপীয়া খাজ কটা কংক্রিটৰে নিৰ্মাণ কৰা হৈছে। অট্টালিকাটোত স্পাজম ডিজাইনৰ টেৰাক’টাও লগোৱা হৈছে। এই অট্টালিকাও হৈছে এক উল্লেখনীয় আৱাসিক অট্টালিকা।

Exit mobile version