Gaurav Gogoi:
মুখ্যমন্ত্ৰীয়ে সংবাদমেলত মোক আক্ৰমণ কৰিবলৈ গৈ মোৰ কণমানি সন্তান কেইটাক আজুৰি যি বক্তব্য উপস্থাপন কৰিলে সেয়া জুভেনাইল আইনৰ পৰিপন্থী ৷ ইয়াৰ বাবে আইনৰ আশ্ৰয় ল’ম ৷ আনহাতে মই পাকিস্তানত দহটা দিন কি কৰিলো বুলি যি প্ৰশ্ন উদ্থাপন কৰিছে ৷ এই সন্দৰ্ভত মই কও ৷ এলিজাবেথৰ বিবাহপাশত আবদ্ধ হোৱাৰ সোমোৱাৰ সময়ত তেওঁ আন্তৰ্জাতিক সংগঠন এটাত জলবায়ুৰ বিষয়ত কাম কৰি থকা সূত্ৰে এটা বছৰ পাকিস্তানত কাম কৰি আছিল ৷ সেই সূত্ৰে মই পাকিস্তানলৈ নিয়মমাফিক গৈ তেওঁ কৰ্মস্থলী কাৰ্যালয় আৰু তেওঁ তাত কেনেকৈ আছে সেই দিশবোৰ এজন স্বামী হিচাপে চাইছিলো ৷
২০১৩ ৰ শেষত আৰু ২০১৪ ৰ আৰম্ভণিতে মই পাকিস্তানলৈ গৈছিলোঁ ৷ এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক জনাই গৈছিলোঁ ৷ মোদী চৰকাৰে তেতিয়াই এই কথা গম পায় ৷ ইয়াত কি লুকঢাক থাকিব পাৰে।
গৌৰৱ গগৈৰ স্পষ্টীকৰণত আৰু কয় যে যিজনে ব্যক্তিয়ে কংগ্ৰেছত থাকোতে দহবাৰকৈ বাংলাদেশ গৈ তাত থকা এটা দৰগাহৰ মৌলৱীৰ লগত আলোচনা কৰিব পাৰে ৷ সেই একেজন ব্যক্তিয়ে আজি মিঞা বিৰোধী হৈ এজন হিন্দুত্ববাদী হ’ব বিচাৰিছে ৷ আকৌ একেজন ব্যক্তিয়ে গুজৰাটৰ পাইপত মুছলমানৰ তেজ বৈ যায় বুলি মন্তব্য দি আজি বিজেপিৰ বৰঘৰত উঠিৰজা – বহিৰজা হৈছে ৷




































