Gaurav Gogoi Pressmeet:
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংবাদমেল অনুষ্ঠিত কৰি এপিচিচি সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত যি এছ আইটি ৰিপৰ্ট ফাদিল কৰিলে সেয়া ফ্লপ শ্ব’ বুলি কালিয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা গৌৰৱ গগৈয়ে আজি ৰাজিৱ ভৱনত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক সকীয়নি দি কয়, মোক আক্ৰমণ কৰক, মই ভয় নকৰোঁ’ ‘মই তৰুণ গগৈৰ পুত্ৰ, লাচিতৰ বংশধৰ’ ‘কিন্তু কংগ্রেছ কর্মীক আক্রমণ,সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা কাম নকৰিব ৷
একেদৰে আমি কোৱা কথাবোৰ তল পেলাবলৈ এছআইটিৰ য়ে ৰিপ’ৰ্ট মুকলি কৰিছে ৷ মুলত:ছুপাৰ ফ্লপ চিনেমাখনৰ বাবে মই ৰৈ আছিলো ৷ ১০ ছেপ্টেম্বৰৰ পৰা ৮ ফ্ৰেব্ৰুৱাৰী পালে ৷ কিন্তু এছআইটি ৰিপ’ৰ্টত একো তথ্য নাপালে ৷ মুখ্যমন্ত্ৰীয়ে ছমাহ লুকুৱাই ৰখাৰ কাৰণ কি ৷ আচলতে শেহতীয়াকৈ কংগ্ৰেছৰ উত্থান দেখি ভয় খাইছে মুখ্যমন্ত্রীয়ে ৷ দেওবাৰৰ সংবাদমেলখনৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ ভীতি প্ৰদৰ্শন কৰিব বিচাৰিছে ৷ কিন্ত অসমৰ ৰাইজে সকলো গ’ম পাইছে ৷ ইয়াৰ উচিত জবাব দিব আগন্তুক দিনত ৷




































