Hagrama Mohilary:
এই সন্দৰ্ভত মই একো নকও। এইটো ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিষয়। মই আইনৰ মাষ্ট্ৰৰ নহয়, আইনে চাব এইবিলাক।’ মুখ্যমন্ত্রীয়ে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এখন সংবাদমেলত পাকিস্তানৰে সংযোগৰ যি অভিযোগ উত্থাপন কৰিলে সেই সম্পর্কে ইয়াত এনেদৰে মন্তব্য কৰে বিজেপিৰ মিত্ৰদল বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে। বিষয়টো সন্দর্ভত তেওঁ লগতে কয়, ‘ময়ো শুনিছো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সংবাদমেল দিছে। মুখ্যমন্ত্রী ৰূপে তেওঁৰ দায়িত্ব আছে। অসমৰ স্বাৰ্থত কোনে কি কাম কৰিছে, সেই সম্পর্কত মুখ্যমন্ত্রীৰ কোৱাৰ দায়িত্ব আছে। তেওঁ দায়িত্ব পালন কৰিছে। এইবিলাক কথা হয় নহয়, সেয়া আইনে চাব।’
আজি ইয়াত বিপিএফ মুৰব্বী মহিলাৰীৰ অংশগ্রহণত দলৰ এখন সভা অনুষ্ঠিত হয়। বিগত বিটিচি নিৰ্বাচনৰ পূৰ্বে দলে গঠন কৰা ১২খন পৃথক জনগোষ্ঠীয় গোট সমিতিয়েও এই সভাত অংশগ্ৰহণ কৰে। সভাত আগন্তুক বিধানসভা নিৰ্বাচনৰ দলীয় ৰণনীতি সম্পর্কে আলোচিত হয় বুলি সূত্রই জনায়। সূত্রই জনোৱা মতে, আগন্তুক নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাইজৰ মাজলৈ কেনেদৰে যাব লাগিব, বিটিচি নিৰ্বাচনৰ পূৰ্বে দিয়া প্রতিশ্রুতিসমূহ কিদৰে ৰূপায়ণ হৈ আছে সেই বিষয়ে সভাত আলোচিত হয়। সভাৰ পাছত মহিলাৰীয়ে সাংবাদিকক জনায় যে আগন্তুক বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ পাছতহে বিপিএফে দলীয় প্রার্থী তালিকা প্রকাশ কৰিব। তেওঁ লগতে অহা মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে। নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতহে কিমান আসনত বিপিএফে প্রতিদ্বন্দ্বিতা কৰিব আৰু কাক কাক প্রার্থিত্ব প্রদান কৰিব সেয়া ক’ব পৰা হ’ব বুলিও মহিলাৰীয়ে জনায়। তেওঁ কয়, ‘এতিয়া এই বিষয়ে কোৱাত অসুবিধা হ’ব। বিটিচিত এতিয়া আমাৰ বহু ভাল হৈ আছে। আমি বিটিচিৰ হৈ কাম কৰি আছো।’




































