Union Minister Sarbananda Sonowal Pressmeet:
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে ডিব্ৰুগড়ত এক সংবাদ মেল সম্বোধন কৰি কয় যে, ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে উত্তৰ-পূৰ্বাঞ্চলক বিশেষকৈ অসমক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ উন্নয়নৰ যাত্ৰাৰ শক্তিশালী কেন্দ্রবিন্দু হিচাপে গঢ়ি তোলাৰ দিশত এক নিৰ্ণায়ক আৰু ঐতিহাসিক ভূমিকা পালন কৰিব।
ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে কয় যে, কেন্দ্রীয় বাজেটে লক্ষ্যভিত্তিক পৰিকল্পনা, সহযোগিতামূলক ফেডাৰেলিজম আৰু আন্তঃগাঁথনি-নিৰ্ভৰ অৰ্থনৈতিক বৃদ্ধিৰ দিশত এক স্পষ্ট ৰূপান্তৰ প্ৰতিফলিত কৰিছে, যাৰ ফলত প্ৰতিটো অঞ্চলৰ সমৃদ্ধি সুনিশ্চিত হৈছে আৰু ভাৰতৰ উচ্চ-প্রযুক্তি আৰু উৎপাদনৰ উচ্চাকাংক্ষাক শক্তিশালী কৰিছে।
“২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহনক্ষম উন্নয়নৰ প্ৰতি অটল প্রতিশ্রুতি প্রতিফলিত কৰিছে। ই ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগক শক্তিশালী কৰাত সহায় কৰিব, মহিলা-নেতৃত্বাধীন বিকাশ ত্বৰান্বিত কৰিব, শিক্ষা আৰু স্বাস্থ্যৰ আন্তঃগাঁথনি মজবুত কৰিব আৰু উত্তৰ-পূবক ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ অন্যতম কেন্দ্রবিন্দুত পৰিণত কৰিব,” সৰ্বানন্দ সোণোৱালে কয়।
এই বাজেটে ১০,০০০ কোটিৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ বৃদ্ধি নিধিৰ জৰিয়তে ভাৰতৰ ঔদ্যোগিক পৰিৱেশত ইন্ধন যোগাব বুলি সোণোৱালে কয়, লগতে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন ২.০ আৰু ইলেক্ট্রনিক্স উৎপাদনৰ বাবে ৪০,০০০ কোটিৰ বৃদ্ধিয়ে দেশক উচ্চ-প্ৰযুক্তিৰ ভৱিষ্যতৰ দিশত লৈ যাব বুলিও সোণোৱালে উল্লেখ কৰে।
“এই পদক্ষেপসমূহে গুণগত চাকৰিৰ সৃষ্টি কৰিব আৰু ভাৰতীয় উদ্যোগক বিশ্ব মূল্য শৃংখলত সংযোজিত কৰিব। ইয়াৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলো উপকৃত হ’ব। এই বাজেটে ‘নাৰী শক্তি’ক সুদৃঢ় কৰিব, লাখপতি বাইদেউ (দিদি) সকলক ছী-মাৰ্টৰ জৰিয়তে মালিকলৈ ৰূপান্তৰিত কৰাৰ সুবিধা প্ৰদান কৰিব।”, সোণোৱালে আজি কয়।
সোণোৱালে প্ৰতিখন জিলাত একোটাকৈ ছোৱালীৰ হোষ্টেল স্থাপনৰ বাবে ভায়েবিলিটী গেপ ফান্ডিং (Viability Gap Funding) লোৱা সিদ্ধান্তক স্বাগতম জনাইছে, যি ছোৱালীসকলৰ বাবে উচ্চ শিক্ষাত নিৰাপত্তা, প্ৰৱেশ আৰু ধাৰাবাহিকতা নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত হৈছে। “প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাৰী শক্তিক শক্তিশালী কৰাৰ সচেতন প্রয়াস বিকশিত ভাৰত গঢ়াৰ মূল ভেটি। যেতিয়া মহিলাসকলক উদ্যোগী, নেত্ৰী আৰু শিক্ষার্থী হিচাপে সক্ষম কৰা হয়, তেতিয়া ৰাষ্ট্ৰৰ বিকাশ দ্রুততৰ, ন্যায়সংগত আৰু অধিক স্থিতিস্থাপক হয়,” সোণোৱালে মন্তব্য কৰে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে, উত্তৰ-পূবে কেন্দ্রীয় বাজেটত অভূতপূর্ব গুৰুত্ব পাইছে। উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্রণালয় (DONER)ৰ বাবে বাজেট ৬,৮১২ কোটিলৈ বৃদ্ধি পাইছে, যি ২০১৪ চনৰ ২,০০০ কোটিৰ তুলনাত তিনিগুণতকৈও অধিক। সোণোৱালে উল্লেখ কৰে যে, উত্তৰ-পূবৰ বাবে সামগ্রিক বিনিয়োগ ২২ শতাংশ বৃদ্ধি পাইছে, ২০২৫-২৬ৰ ৮৮,৭৪১ কোটি টকাৰ পৰা ২০২৬-২৭ৰ বাজেটত ১,০৮,৩৩৫ কোটিলৈ বৃদ্ধি পাইছে।
“২০১৪ চনৰ পৰা উত্তৰ-পূবত ৭.৩ লাখ কোটি টকা ব্যয় কৰা হৈছে, যাৰ গড় বার্ষিক ৬০,০০০ কোটিতকৈ অধিক। শেহতীয়া বছৰবোৰত ই প্ৰতি বছৰে ১ লাখ কোটি টকা অতিক্ৰম কৰিছে, যিয়ে কংগ্ৰেছ চৰকাৰৰ দিনৰ দশক দশকজোৰা অৱহেলাৰ অন্ত পেলাই মোদী চৰকাৰৰ শাসনকালত উন্নয়নৰ নৱজাগৰণ প্ৰতিফলিত কৰিছে,” সোণোৱালে কয়।
ৰে’লৱেৰ ক্ষেত্ৰত সমগ্র অঞ্চলটোৱে আন্তঃগাঁথনিগত প্ৰকল্পৰ বাবে অভিলেখ সংখ্যক ১১,৪৮৬ কোটি টকাৰ পুঁজি লাভ কৰিছে, যি ইউ পি এ চৰকাৰৰ যুগৰ বাৰ্ষিক অনুমোদনৰ পাঁচগুণতকৈও অধিক। সোণোৱালে কয় যে, কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ‘চিকেন নেক’ কৰিড’ৰত বিশেষ ৩৪ কিল’মিটাৰ ভূগৰ্ভত ৰে’লপথ নিৰ্মাণ কৰা হ’ব, যিয়ে নিৰন্তৰ সংযোগ নিশ্চিত কৰিব, ৰাষ্ট্ৰীয় সুৰক্ষা বৃদ্ধি কৰিব আৰু যোগান শৃংখলাক সুৰক্ষিত তথা ত্বৰান্বিত কৰিব।
কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি কয় যে, অসমে কেন্দ্রীয় বাজেটৰ পৰা যথেষ্ট লাভৱান হ’ব। ২০২৬-২৭ত ৰাজ্যখনে কেন্দ্ৰীয় কৰ বিতৰণৰ অংশ হিচাপে ৪৯,৭২৫ কোটি টকা লাভ কৰিব, যি বিগত বছৰৰ ৪৪,৪৯৪ কোটি আৰু ২০১৩-১৪ত প্রায় ১১,৫০০ কোটিৰ তুলনাত যথেষ্ট বেছি। ১২ বছৰত পাঁচগুণতকৈ অধিক বৃদ্ধিয়ে অসমৰ বিত্তীয় ক্ষমতাক যথেষ্ট শক্তিশালী কৰিছে,” সোণোৱালে কয়।
সোণোৱালে কয় যে, ৰাজ্যসমূহত মূলধন বিনিয়োগৰ বাবে বিশেষ সহায় ২ লাখ কোটিলৈ সম্প্ৰসাৰিত কৰা হৈছে, যিয়ে অসমত ডাঙৰ আন্তঃগাঁথনিগত প্রকল্প, নগৰৰ নতুন উন্নয়ন আৰু লজিষ্টিক উন্নয়নক ত্বৰান্বিত কৰিব, গুৱাহাটীৰ দৰে চহৰৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰিব আৰু সমগ্ৰ অঞ্চলজুৰি পৰিবহণ কৰিড’ৰ উন্নত কৰিব।
শান্তি আৰু সংস্থাপনৰ বাবে এক মাইলৰ খুঁটি বুলি অভিহিত কৰি সোণোৱালে পূৰ্বৰ আলফা কেডাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ পুনৰ সংস্থাপনৰ বাবে ৫০০ কোটিৰ পেকেজক স্বাগতম জনাইছে। আনহাতে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC), বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC), আদিবাসী সম্প্রদায় আৰু ডিমাচা সম্প্ৰদায়ৰ বাবে অতিৰিক্ত অনুমোদনে আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্যসেৱা আৰু জীৱিকা খণ্ডত বিনিয়োগৰ জৰিয়তে দীৰ্ঘদিনীয়া আর্থ-সামাজিক সমস্যাসমূহ সমাধান কৰিব।
সৰ্বানন্দ সোণোৱালে কয় যে, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, ইম্ফল আৰু আগৰতলাৰ দৰে গুৰুত্বপূৰ্ণ নগৰ-চহৰৰ উন্নয়নৰ বাবে ৫,০০০ কোটি টকা ধার্য কৰা হৈছে, যাৰ অধীনত স্মার্ট আন্তঃগাঁথনিত গুৰুত্ব দিয়া হৈছে। তেজপুৰৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্রতিষ্ঠানক আঞ্চলিক শীর্ষ প্রতিষ্ঠানলৈ উন্নীত কৰাৰ প্ৰসংগ উল্লেখ কৰি সোণোৱালে কয় যে, ই উত্তৰ-পূবজুৰি মানসিক স্বাস্থ্য সেৱা, প্রশিক্ষণ আৰু গৱেষণাক যথেষ্ট উন্নত কৰিব।
পৰ্যটনৰ ক্ষেত্ৰত সোণোৱালে কয় যে, বৌদ্ধ আৰু ঐতিহ্য চার্কিটে সমগ্ৰ অঞ্চলৰ আধ্যাত্মিক-সাংস্কৃতিক অৰ্থনীতি ত্বৰান্বিত কৰিব, দেশ-বিদেশৰ দৰ্শকক আকৰ্ষিত কৰিব আৰু আতিথ্য, পৰিবহণ আৰু স্থানীয় হস্তশিল্পত নিয়োগ সৃষ্টি কৰিব।
“২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে উত্তৰ-পূব ভাৰতৰ জনজীৱনৰ প্ৰতিটো দিশ স্পর্শ কৰিছে সংযোগৰ পৰা সংস্কৃতিলৈ, স্বাস্থ্যৰ পৰা জীৱিকালৈ। ই মোদী চৰকাৰৰ এক্ট ইষ্ট নীতি আৰু আমাৰ জনসাধাৰণৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰাৰ অটল প্রতিশ্রুতি প্ৰতিফলিত কৰিছে,” সোণোৱালে কয়।
সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে, এই কেন্দ্ৰীয় বাজেটে বহনক্ষম, অন্তর্ভুক্তিমূলক আৰু শান্তিপূৰ্ণ উন্নয়নৰ বাবে এক দৃঢ় ভেটি স্থাপন কৰিছে, যিয়ে উত্তৰ-পূবক নতুন ভাৰতৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ চালিকাশক্তি হিচাপে উজলাই তুলিব।
“এখন সর্বাংগসুন্দৰ বাজেট উপহাৰ দিয়াৰ বাবে মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই বাজেটে এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ যাত্রাক শক্তিশালী কৰিব। বিকশিত ভাৰত বাজেটে যুৱক-যুৱতী, কৃষক আৰু নাৰী শক্তিক অগ্ৰাধিকাৰ দিয়াৰ লগতে দেশৰ আন্তঃগাঁথনি আৰু উৎপাদন ক্ষমতা শক্তিশালী কৰিব।”, সোণোৱালে লগতে কয়।




































