মাস্কৰ পৰিকল্পনা সলনি : মঙলৰ পৰিৱৰ্তে চন্দ্ৰত বসতি স্থাপনৰ প্ৰস্তুতি

১০ বছৰত লক্ষ্য পূৰণ কৰিব

8f99e2a8 16e5 47da b887 b79cf19dbd70 AP25255329319393 scaled

বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে এক নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰিলে। টেছলা-স্পেচএক্সৰ স্বত্বাধিকাৰী মাস্কে ঘোষণা কৰা অনুসৰি স্পেচএক্সে এতিয়া মঙল গ্ৰহৰ পৰিৱৰ্তে চন্দ্ৰত এখন আত্মনিৰ্ভৰ চহৰ স্থাপনত মনোনিৱেশ কৰিছে।

সামাজিক মাধ্যম ‘এক্স’ত এক প’ষ্টত স্পেচএক্সৰ মুৰব্বীয়ে কয় যে চন্দ্রত এখন স্ববিকশিত চহৰ প্ৰতিষ্ঠাৰ পৰিকল্পনা তেওঁৰ আছে আৰু আগন্তুক ১০ বছৰৰো কম সময়ৰ ভিতৰত এই লক্ষ্য পূৰণ কৰিব পৰা যাব।

মাস্কৰ মতে মঙলত চহৰ নিৰ্মাণৰ বাবে ২০ বছৰৰো অধিক সময়ৰ প্ৰয়োজন হ’ব পাৰে। কিন্তু মঙলত চহৰ নিৰ্মাণৰ পূৰ্বে কম সময়ৰ ভিতৰত চন্দ্ৰত এখন পৰিকল্পিত চহৰ প্ৰতিষ্ঠা কৰাটো সম্ভৱ হ’ব পাৰে।

স্পেচএক্সৰ বিজ্ঞানীয়ে ইয়াৰ বাবে পৰিকল্পনা প্রস্তুত কৰিছে বুলি মাস্কে তথ্য সদৰী কৰিলে। ২০২৭ৰ মাৰ্চৰ ভিতৰত চন্দ্ৰত মানৱবিহীন যানৰ অৱতৰণৰ লক্ষ্য নির্ধাৰণ কৰা বুলিও স্পেচএক্সৰ মুৰব্বীজনে জানিবলৈ দিয়ে।

মাস্কৰ মতে চন্দ্ৰত মানৱৰ বাবে এখন চহৰ নিৰ্মাণ কৰাটো তুলনামূলকভাবে অধিক সহজ আৰু দ্রুত হ’ব। কিয়নো পৃথিৱীৰ পৰা মাত্ৰ তিনিদিনৰ যাত্ৰাৰে চন্দ্ৰত উপস্থিত হ’ব পাৰি। কিন্তু মঙলত উপস্থিত হ’বলৈ ছয়-ন মাহ সময়ৰ প্ৰয়োজন হ’ব।

Exit mobile version